newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

অদিতি বুৰাগোহাঁইৰ বাজেট-অনুকূল ব্যৱসায়ৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ 2-3 লাখ টকা।

Radhika Daimary , March 22, 2025
Spread the love
Share on Twitter

অদিতি বুঢ়াগোহাঁই হৈছে দৰিকা ব্রেণ্ডৰ প্ৰতিষ্ঠাপক, যিয়ে ২০১৬ চনত আচাৰ বনাই বিক্ৰী কৰাৰ পৰা নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিছিল। পৰৱৰ্ত্তী কালত, তেখেতে মেঘালয়ৰ আই.এইচ.এমত (Institute of Hotel Management) ৱাইন বনোৱাৰ প্ৰশিক্ষণ লৈ মুম্বাইত ইণ্টাৰ্নশ্বিপ সম্পূৰ্ণ কৰে।

এতিয়ালৈ নিজ দক্ষতাৰ বলত তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে।

মাত্ৰ ২০০০ হাজাৰ টকাৰে আৰম্ভ কৰা তেওঁৰ এই ব্যৱসায়ত তেওঁ স্থানীয় বিভিন্ন ফলমূল ব্যবহাৰ কৰি, আচাৰ,জাম, স্কোৱাচ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ ৱাইন বনাবলৈ লয়। পোন প্ৰথমে ২০১৮ চনত তেওঁ ঘৰতে হোৱা লতা বেলৰ পৰা ৱাইন বনায়। এতিয়া বৰ্তমানলৈকে তেওঁ ৩৫ বিধমান বিধিন্ন প্ৰকাৰৰ ৱাইন বনাইছে যিখিনি তেওঁ ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক ভাবে প্ৰস্তুত কৰে। এই ৱাইন সমূহৰ মূল্য ৩৫০ টকাৰ পৰা ৬৫০ টকাৰ ভিতৰত।

চৰকাৰ আৰু ব্যক্তিগত সংস্থাৰ সহায়ত, তেওঁ বিভিন্ন মেলা আৰু প্ৰদৰ্শনীত অংশগ্ৰহণৰ জৰিয়তে তেওঁৰ উৎপাদিত সামগ্ৰী সমূহৰ গ্ৰাহকৰ সংখ্যা যঠেষ্ট খিনি বৃদ্ধি পোৱা দেখা গৈছে। তেওঁৰ বৰ্তমান বাৰ্ষিক টাৰ্ণ’অ’ভাৰ প্ৰায় ২-৩ লাখ টকাৰ ভিতৰত হৈ আছে। ভবিষ্যতে, তেওঁ বৃহৎ পৰিসৰত উদ্যোগ স্থাপন কৰি বিশেষকৈ নিবনুৱা যুৱক -যুৱতিসকল আৰু লগতে পিছ পৰি থকা  মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে নিয়োগ কৰিবলৈ আগ্ৰহী।

ALSO READ: গুৱাহাটীত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা FPO মেলা উদ্বোধন

অদিতিয়ে তেওঁৰ স্বামী আৰু দৰিকা ব্রেণ্ডৰ সহ-প্ৰতিষ্ঠাতা অৰুপ গগৈৰ সৈতে এই ব্যৱসায় চলাই আছে। লগতে, তেওঁৰ মাতৃ তথা আৰু কেইজনমান অস্থায়ী কৰ্মচাৰীও নিয়োগ হৈ আছে।