newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

জে.কে. ছাৰ্ভিচেছে ১০ হাজাৰ টকাৰ পৰা ২৫ লাখ টকালৈ প্ৰিন্টাৰ বিকল্প আগবঢ়াইছে ।

Radhika Daimary , May 31, 2025
Spread the love
Share on Twitter

অমিত আগৰৱাল হৈছে জে.কে. ছাৰ্ভিচেছ নামৰ কোম্পানীটোৰ নির্দেশক। তেখেতে ২৫ বছৰ ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰিন্টিং আৰু স্কেনিং উদ্যোগত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। কেনন (Canon)কোম্পানীৰ অন্যতম বিশিষ্ট ডিষ্ট্ৰিবিউটৰ হিচাপে তেওঁলোক A4, A3 পৰ্যন্ত প্ৰিন্টিং সমাধান আগবঢ়াইছে।        

তেওঁলোকৰ প্ৰডাক্ট সমূহত আছে  কেনন ইমেজ ৰাণাৰ, ৰিছ’ ডিজিটেল ডুপ্লিকেটৰ আৰু কেনন স্কেনাৰ। উচ্চ মানদণ্ডৰ প্ৰযুক্তি, বিশেষজ্ঞৰ পৰ্যবেক্ষণ আৰু ভাৰতীয় বজাৰ অনুযায়ী বিস্তৃত বিকল্পই জে.কে. ছাৰ্ভিচেছক  চৰকাৰী বিভাগ, বাণিজ্যিক খণ্ড, সুৰক্ষা আৰু শিক্ষা খণ্ডৰ মাজত এক বিশ্বাসযোগ্য নাম হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকৰ নিজৰ লেচাৰ, ইঞ্জেক্ট আৰু হেণ্ড প্ৰিন্টিং মেচিন উপলব্ধ আছে। তেওলোকৰ প্ৰিন্টাৰ মেচিনৰ মূল্য ১০, ০০০ হাজাৰৰ পৰা আৰম্ভ কৰি ২৫ লাখ টকালৈকে আছে ।এই বছৰত তেওঁলোকে মুঠ উৎপাদন যথেষ্ট পৰিমাণে বিক্ৰী কৰিব পাৰিছে। তেওঁলোকৰ পূর্বৰ বাৰ্ষিক টাৰ্নঅভাৰ  আছিল ৬০ কোটি টকা আৰু এই বছৰত ২০% বৃদ্ধিৰ লক্ষ্য ৰাখিছে। বৰ্তমান কোম্পানীটোৱে ৭০ জন কৰ্মচাৰী লৈ ৭খন উত্তৰ-পূবৰ ৰাজ্যত কাম কৰি আছে।

অমিত আগৰৱালে কয় যে যদিও চৰকাৰৰ পৰা একো আৰ্থিক সহায় পোৱা নাই  মাইক্ৰ, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ (MSME)হিচাপে পঞ্জীয়ন থকা বাবে তেওঁলোকে ডাঙৰ টেণ্ডাৰত অংশ লৈ বাহিৰৰ ডাঙৰ কোম্পানীৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিছে।

ALSO READ: ভাৰতৰ অৰ্থনীতি বুলেট ট্ৰেইনৰ বেগেৰে চলি আছে, মাৰ্চ ত্ৰৈমাসিকত দেশৰ জিডিপি বৃদ্ধি ৭.৪ শতাংশ

তেওঁৰ মতে, উত্তৰ-পূব ভাৰত এখন উদীয়মান বজাৰ আৰু ইয়াত সকলোৰে সৈতে মিলি ব্যৱসায় আৰু উন্নয়ন একেলগে আগবঢ়াবলৈ তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ।

এই উদ্যম, নৈতিক ব্যৱসায়িক দৃষ্টিভংগী আৰু অঞ্চলভিত্তিক সংহতিৰে জে.কে. ছাৰ্ভিচেছ আজি উত্তৰ-পূৱ ভাৰতৰ এম. এছ. এম. ই উদ্যোগৰ বাবে এক অনুপ্ৰেৰণা ৰূপে অৱতীর্ণ হৈছে।