আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতত এপলে বিনিয়োগ কৰাটো নিবিচাৰে বুলি পৰামৰ্শ দিয়াৰ পিছতো কোম্পানীটোৱে নিজৰ ডাঙৰ পৰিকল্পনাৰে আগবাঢ়িছে। এপলৰ গুৰুত্বপূৰ্ণ যোগানকাৰী ফক্সকনে ভাৰতত নিজৰ প্লাণ্ট পৰিচালনাৰ বাবে যোৱা পাঁচ দিনত ১.২৪ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১২,৮০০ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰিছে। এই তথ্য কোম্পানীটোৱে এটা নিয়ন্ত্ৰণমূলক ফাইলিঙত দিছিল।
এই বিনিয়োগ ফক্সকনৰ ইউঝান টেকন’লজি (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ তামিলনাডু ইউনিটত কৰা হৈছে। যি সময়ত এপলে এটা ডাঙৰ পৰিকল্পনাৰ অধীনত চীনৰ ব্যৱসায় ভাৰতলৈ স্থানান্তৰিত কৰিবলৈ আগবাঢ়িছে সেই সময়ত কোম্পানীটোৱে এই বিনিয়োগ কৰিছে। লগতে ইয়াৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰিব বিচাৰে।
শেহতীয়াকৈ এপলৰ চিইঅ’ টিম কুকে ঘোষণা কৰিছে যে জুন ত্ৰৈমাসিকত আমেৰিকাত বিক্ৰী হোৱা বেছিভাগ আইফোন ভাৰতত নিৰ্মিত হ’ব, আনহাতে শুল্কক লৈ অনিশ্চয়তাৰ বাবে চীনত নিৰ্মিত ফোনসমূহ বিশ্বৰ অন্যান্য বজাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হ’ব। ২০২৫ চনৰ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা ফক্সকনৰ আয় প্ৰায় দুগুণ বৃদ্ধি পাই ২০ বিলিয়ন ডলাৰ (১.৭ লাখ কোটি টকা) হয়, যাৰ মূল কাৰণ হৈছে আইফোন উৎপাদন বৃদ্ধি। এছ এণ্ড পি গ্ল’বেলৰ হিচাপ অনুসৰি ২০২৪ চনত এপলে আমেৰিকাৰ বজাৰত প্ৰায় ৭৫৯ লাখ ফোন বিক্ৰী কৰিছে।
কেৱল মাৰ্চ মাহত ভাৰতৰ পৰা প্ৰায় ৩১ লাখ ফোন ৰপ্তানি কৰা হৈছে। এনে পৰিস্থিতিত ৰপ্তানি আৰু অধিক বৃদ্ধি কৰিবলৈ কোম্পানীয়ে হয় উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগিব নহয় আন এটা ইউনিটৰ পৰা উৎপাদন কৰিব লাগিব।
চৰকাৰে অনুমান কৰিছে যে বিশ্বজুৰি এপলৰ মুঠ আইফোন উৎপাদনৰ প্ৰায় ১৫ শতাংশ ভাৰতত নিৰ্মাণ কৰা হয়। এই বিত্তীয় বৰ্ষত এপলে ইয়াক ৬ কোটিলৈ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা অভিলেখ সংখ্যক মোবাইল ৰপ্তানি কৰা হৈছিল, য’ত ১.১৫ লাখ আইফোন ৰপ্তানি কৰা হৈছিল।