newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ওলা ইলেক্ট্ৰিক আই পি অ’: শ্বেয়াৰ বজাৰৰ বেয়া সিদ্ধান্তৰ ফলত প্ৰভাৱিত হোৱা অ‘লা ইলেক্ট্ৰিক আই পি অ’ই চাবস্ক্ৰাইব কৰিছে মাত্ৰ ৪.২৭ বাৰ

BNE News Desk , August 7, 2024
Spread the love
Share on Twitter

বিনিয়োগকাৰীৰ লেহেমীয়া সঁহাৰিৰে বন্ধ হৈ পৰিছে অলা ইলেক্ট্ৰিক মবিলিটিৰ আই পি অ’। আজি আই পি অ’ৰ বাবে আবেদন কৰাৰ শেষ দিন আছিল। আই পি অ’ত প্ৰতিষ্ঠানিক, অপ্ৰতিষ্ঠানিক আৰু খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত শ্ৰেণী পূৰণ হৈছে যদিও আই পি অ’ত বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীৰ মাজত কোনো উৎসাহ নাই। মাত্ৰ ৪.২৭ বাৰ চাবস্ক্ৰাইব হোৱাৰ পিছত বন্ধ হৈ পৰিছে অলা ইলেক্ট্ৰিক মবিলিটি। শ্বেয়াৰ বজাৰত আৱেগ অৱনতি ঘটাৰ প্ৰভাৱ দেখা গৈছে ওলা ইলেক্ট্ৰিকৰ আই পি অ’ত।

ওলা ইলেক্ট্ৰিক মবিলিটিৰ আই পি অ’ত প্ৰায় ২৫.২৩ কোটি শ্বেয়াৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত আছিল। কিন্তু এই শিতানত মাত্ৰ ৫.৩১ বাৰহে চাবস্ক্ৰাইব কৰা হৈছে, বিনিয়োগকাৰীৰ পৰা ১৩৪ কোটি শ্বেয়াৰৰ বাবে আবেদন লাভ কৰা হৈছে। ১২.৭২ কোটি শ্বেয়াৰ অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত আছিল আৰু প্ৰায় ৩০.৪৯ কোটি শ্বেয়াৰৰ বাবে আবেদন লাভ কৰা হৈছিল আৰু এই শ্ৰেণীটোক ২.৪০ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। খুচুৰা বিনিয়োগকাৰীৰ বাবে ৮.৪৮ কোটি শ্বেয়াৰ সংৰক্ষিত আছিল আৰু ৩৩,২৪,৪৪,৯৭০ টা শ্বেয়াৰৰ বাবে আবেদন লাভ কৰা হৈছে। এই শ্ৰেণীটোৱে মাত্ৰ ৩.৯২ বাৰহে চাবস্ক্ৰাইব কৰিবলৈ সক্ষম হৈছে। কৰ্মচাৰীৰ বাবে সংৰক্ষিত শ্ৰেণীটো ১২ বাৰ চাবস্ক্ৰাইব কৰা হৈছে

২০২৪ চনৰ ২ আগষ্টত ওলা ইলেক্ট্ৰিকৰ আই পি অ’ মুকলি কৰা হৈছিল আৰু বিনিয়োগকাৰীৰ আবেদনৰ শেষ তাৰিখ আছিল ২০২৪ চনৰ ৬ আগষ্ট। আই পি অ’ৰ জৰিয়তে ৬১৪৫ কোটি টকা সংগ্ৰহৰ লক্ষ্য অলা ইলেক্ট্ৰিক। ১০ টকাৰ ফেচ ভেলু থকা শ্বেয়াৰৰ বাবে কোম্পানীয়ে প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ৭২-৭৬ টকানিৰ্ধাৰণ কৰিছে। ফ্ৰেছ ইছ্যু জাৰি কৰি ৫৫০০ কোটি টকা আৰু অফাৰ ফৰ চেলযোগে ৬৪৫.৫৬ কোটি টকা সংগ্ৰহ কৰা হৈছে। ৭ আগষ্টত আবণ্টনৰ সিদ্ধান্ত লোৱা হ’ব, লগতে ৮ আগষ্টত বিনিয়োগকাৰীক ৰিফাণ্ড জাৰি কৰা হ’ব, সফল বিনিয়োগকাৰীৰ ডিমেট একাউণ্টত ষ্টক জমা কৰা হ’ব আৰু ৯ আগষ্টত ষ্টকসমূহ এনএছই আৰু বিএছইত তালিকাভুক্ত কৰা হ’ব।

অলা ইলেক্ট্ৰিকৰ আই পি অ’ৰ সঁহাৰি ধূসৰ বজাৰত সমতল; আই পি অ’ মুকলিৰ পূৰ্বে ওলা ইলেক্ট্ৰিক আই পি অ’ৰ জি এম পি ১১.৫০ টকাত ব্যৱসায় হৈছিল, যিটো আই পি অ’ৰ বন্ধৰ দিনটোত শূন্যলৈ নামি আহিছে। এনে পৰিস্থিতিত আই পি অ’ৰ তালিকা ফ্লেট হৈ থাকিব পাৰে।