newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

খাদ্যৰ নগৰীলৈ পৰিণত দীঘলীপুখুৰীৰ পাৰ

Darshana Borah , April 19, 2024
Spread the love
Share on Twitter

গুৱাহাটী মহানগৰীৰ এক ঐতিহাসিক তথা বিখ্যাত ঠাই হৈছে দীঘলীপুখুৰী। এই দীঘলীপুখুৰীৰ প্ৰবেশদ্বাৰৰ সন্মুখতেই গঢ় লৈ উঠিছে 'খাওঁ গলি' । বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰেৰে পৰিপূৰ্ণ এই ঠাইত সন্ধিয়া সময়ত শ শ লোকে ভিৰ কৰেহি। কি নাপাই ইয়াত ! ম'ম, চাওমিন, স্পাইৰেল প'টেটো, বাৰ্গাৰ, বিভিন্ন ধৰনৰ শীতল পানীয়, পোলাওৰ পৰা আদি কৰি সকলো ধৰণৰ সুস্বাদু খাদ্য ইয়াত উপলব্ধ ।

প্ৰায় ৭০ ৰ পৰা ৮০ খন দোকান থকা এই ঠাইখনৰ পৰা প্ৰায় ৭০ টা পৰিয়ালে জীৱিকা নিৰ্বাহ কৰি আছে । উল্লেখযোগ্য যে ইয়াৰ বাবে তেওঁলোকে কোনো ধৰণৰ ৰাজহ চৰকাৰক বা পৌৰ নিগমক দিব লগা নহয় । কেৱল মাত্ৰ প্ৰতিদিনে ঠাই ডোখৰ চাফ-চিকুনকৈ ৰখাৰ বিনিময়ত ২০ টকাকৈ মিউনিচিপালিটি বৰ্ডক দিব লগা হয়। বিজনেছ নৰ্থইষ্টে দোকানীসকলক সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে প্ৰতিদিনে প্ৰায় ১০০ ৰো অধিক গ্ৰাহকে দোকানসমূহত ভিৰ কৰেহি । আৰু কিছু কিছু দোকানীয়ে মাহিলী লাখৰ ঘৰতো উপাৰ্জন কৰে ।

কিন্তু তেওঁলোকৰ অভিযোগ যে মন্ত্ৰী, আমোলা বা কেন্দ্ৰৰ কোনো লোক আহিলে কেতিয়াবা কোনো জাননী নিদিয়াকৈ হঠাৎ তেওঁলোকৰ দোকানসমূহ উঠাই দিয়া হয়। যাৰ বাবে তেওঁলোক অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। চাওঁক এই প্ৰতিবেদন ।

ALSO READ: ইপিএফঅ’: চিকিৎসাৰ বাবে পিএফৰ পৰা ধন উলিওৱাটো সহজ হৈ পৰিল, ইপিএফঅ’ই পৰিৱৰ্তন কৰিলে এই সমূহ নিয়ম