কমপ্লিট ছলিউচন কোম্পানীৰ নৰ্থ ইষ্টৰ ছেলছ মেনেজাৰ মৃণ্ময় ৰায়ে সদৰি কৰিছে যে কোম্পানীটোৱে যোৱা বিত্তীয় বৰ্ষৰ অন্তত ৫ কোটি টকাৰ বিক্ৰীৰ সীমা অতিক্ৰম কৰিছে। গুৱাহাটী ভিত্তিক এই উদ্যোগটোৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ মাইলস্তম্ভ হিচাপে বিবেচিত হৈছে। ২০১১ চনত প্ৰতিষ্ঠিত এই কোম্পানীটোৱে আৰম্ভণিতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন হাস্পতাল আৰু ডায়গন’ষ্টিক চেণ্টাৰৰ বাবে সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে কাম আৰম্ভ কৰিছিল।
সময়ৰ সৈতে কমপ্লিট ছলিউশন কোম্পানীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বহু চিকিৎসা সামগ্ৰী প্ৰতিষ্ঠানৰ পৰা অথৰাইজড ডিলাৰশ্বিপ লাভ কৰি নিজৰ পৰিসৰ বিস্তাৰ কৰিছে। বৰ্তমান কোম্পানীটোৱে ১,০০০–২,০০০ টকাৰ ভিতৰত পোৱা চাৰ্জিকেল টুলৰ পৰা আৰম্ভ কৰি ৬–৪০ লাখ টকা মূল্যৰ ভেণ্টিলেটৰ আৰু এনেষ্ঠেচিয়া মেচিনৰ দৰে উচ্চমূল্যৰ চিকিৎসা সামগ্ৰীও প্ৰদান কৰে।
সেৱাৰ মান বজাই ৰখাটো তেওঁলোকৰ মূল লক্ষ্য হোৱাৰ বাবে, উত্তৰ-পূৰ্বাঞ্চলত গুৱাহাটীত কেন্দ্ৰীভূত হৈ ৩০ৰো অধিক অভিযন্তাৰ এটা সুসজ্জিত দলৰ সৈতে কোম্পানীটোৱে কাম কৰি আহিছে।
ALSO READ: কৃষকৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ বজাৰ বিপণন ক্ষেত্ৰ: এক বিশ্লেষণ
জিএনআৰচি, নেমকেয়াৰ, হেল্থ ছিটিৰ দৰে প্ৰতিষ্ঠানৰ লগতে বহু ক্ষুদ্ৰ ডায়গন’ষ্টিক চেণ্টাৰ তেওঁলোকৰ প্ৰধান গ্ৰাহক।
নিজৰ কোনো মেনুফেকচাৰিং ইউনিট নাথাকিলেও কোম্পানীটোৱে উচ্চমানৰ সেৱা আৰু কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে বজাৰত নিজৰ স্থান দৃঢ় কৰি আহিছে। মৃণ্ময় ৰায়ে কয় যে এই বৰ্ষৰ আৰম্ভণি ইতিবাচক হৈছে আৰু তেওঁলোকে পুনৰ এটা সফল বছৰৰ আশা কৰিছে।