business-northeast-logo

খাৰুৱা তেলৰ মূল্যৰ বৃহৎ হ্ৰাস, প্ৰতি বেৰেলৰ মূল্য ৮০ ডলাৰলৈ হ্ৰাস

BNE News Desk


Spread the love

ভাৰতৰ বাবে সকাহ পোৱাৰ খবৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮০ ডলাৰৰ তললৈ নামিছে। WTI খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮.৯৯ ডলাৰ। ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতো যোৱা এমাহত খাৰুৱা তেলৰ মূল্য প্ৰায় ১৩ শতাংশ হ্ৰাস পাইছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম যদি চাওঁ তেন্তে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৩.৫৭ ডলাৰ। গতিকে WTI খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮.৯৯ ডলাৰ। আনহাতে ২০২৪ চনৰ ৫ মে’ত খাৰুৱা তেলে প্ৰতি বেৰেলত ৯১ ডলাৰৰ স্তৰত উপনীত হৈছিল। খাৰুৱা তেলৰ মূল্য হ্ৰাসে ভাৰতৰ বাবে কঢ়িয়াই আনিছে সকাহৰ খবৰ। ইয়াৰ পৰা সৰ্বাধিক সকাহ পাইছে চৰকাৰী তেল কোম্পানীয়ে। খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত চৰকাৰী তেল কোম্পানীসমূহৰ লাভ হ্ৰাস পাইছে।
খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতো দেখা গ’ল। চৰকাৰী তেল কোম্পানীৰ শ্বেয়াৰত তীব্ৰ উত্থান ঘটিছে। বিপিচিএলৰ শ্বেয়াৰ ৪.৪৫ শতাংশ জঁপিয়াই ৬৩৪.৮০ টকাত বন্ধ হয়। এইচ পি চি এলৰ শ্বেয়াৰ ৭.৬৭ শতাংশ জঁপিয়াই ৫৩৩.২০ টকাত বন্ধ হয়। আনহাতে আই অ’ চিৰ ষ্টক ২.৬০ শতাংশ জঁপিয়াই ১৭৩.৩৫ টকাত বন্ধ হয়।

বিশ্বজুৰি উত্তেজনাৰ পিছত তেল খণ্ডৰ সৈতে জড়িত বিশেষজ্ঞসকলে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ স্পৰ্শ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল। কিন্তু এনে হোৱা যেন নালাগে। খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছত দাম বৃদ্ধিৰ বাবে কোনো হেঁচা নাথাকিব আৰু তেওঁলোকৰ মাৰ্জিনও উন্নত হ’ব, সেয়া চৰকাৰী তেল কোম্পানীসমূহৰ বাবে সকাহৰ বিষয়। একেদৰে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ ঠিক আগতে এই কোম্পানীসমূহে পেট্ৰ’ল ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২ টকা পৰ্যন্ত হ্ৰাস কৰিব লগা হৈছিল।

ALSO READ: ট্ৰেডমাৰ্কক লৈ বিবাদ, ভাৰতীয় এক কোম্পানীটোৰ বিৰুদ্ধে আদালতত উপনীত হয় টেছলা

BNE News Desk