business-northeast-logo

ফেব্ৰুৱাৰী মাহত ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী ১০.৮% বৃদ্ধি: ছিয়াম

BNE News Desk


Spread the love

গুৱাহাটী: বিগত বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ফেব্ৰুৱাৰী মাহত ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী ১০.৮ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা আৰু ৰপ্তানিকে ধৰি সামগ্ৰিক বিক্ৰীও ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ১,৭৭২,০১২ৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ২,৩০৩,৩২২লৈ বৃদ্ধি পাইছে।
       
ছ‘চাইটি অৱ ইণ্ডিয়ান অটোম‘বাইল মেনুফেকচাৰ্ছৰ তথ্য অনুসৰি ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত যাত্ৰীবাহী বাহন, দুচকীয়া আৰু তিনিচকীয়া বাহনসমূহে পূৰ্বৰ বছৰৰ তুলনাত বৃদ্ধি লাভ কৰাৰ বিপৰীতে বাণিজ্যিক বাহনসমূহে ডিগ্ৰ‘থ লাভ কৰিছে।
   
যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত যাত্ৰীবাহী বাহন ৩,৩৪,৭৯০ ইউনিটৰ তুলনাত ১০.৮ শতাংশ বৃদ্ধি পাই ৩,৭০,৭৮৬ হৈছে। যোৱা বছৰৰ একে মাহত ১১,২৯,৬৬১ ইউনিটৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত মুঠ দুচকীয়া বাহনৰ বিক্ৰী ৩৫ শতাংশ বৃদ্ধি পাই ১৫,২০,৭৬১ ইউনিট হৈছে। যোৱা মাহত তিনিচকীয়া বাহনৰ ডিচপেচ ৫৪,৫৮৪ ইউনিটলৈ বৃদ্ধি পাইছে, যিটো যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত আছিল ৫০,৩৮২ ইউনিট ।
       
ছিয়ামৰ সভাপতি বিনোদ আগৰৱালাই সভাপতিয়ে কয়, “২০২৩-২৪ চনৰ তৃতীয় ত্ৰৈমাসিকত দেশৰ সামগ্ৰিকভাৱে শক্তিশালী জিডিপি বৃদ্ধিয়ে অটো খণ্ডক সহায় কৰিছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ভাৰত মবিলিটি গ্ল‘বেল এক্সপ‘ ২০২৪য়েও গ্ৰাহকৰ বাবে এক শক্তিশালী ইতিবাচক আৱেগ সৃষ্টি কৰিছে আৰু সেয়েহে উদ্যোগটোৱে আশা কৰিছে যে বৃদ্ধিৰ গতি অব্যাহত থাকিব।”
     
 ছিয়ামৰ সঞ্চালক প্ৰধান ৰাজেশ মেননে কয় যে, “যাত্ৰীবাহী বাহনে পুনৰ ফেব্ৰুৱাৰী মাহত এতিয়ালৈকে সৰ্বাধিক বিক্ৰীৰ ৰিপ‘ৰ্ট দিছে আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত ১০.৮ শতাংশ বৃদ্ধিৰে ৩.৭ লাখ ইউনিট বিক্ৰী হৈছে।তিনিচকীয়া বাহনসমূহেও ৮.৩ শতাংশ মধ্যমীয়া বৃদ্ধিৰ ৰিপ‘ৰ্ট দিছে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দুচকীয়া বাহনসমূহে ১৫.২ লাখ ইউনিটৰ বিক্ৰীৰ তুলনাত ৩৪.৬ শতাংশ বৃদ্ধি পাইছে।”
           
ছিয়ামে উল্লেখ কৰিছে যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত যাত্ৰীবাহী বাহন, তিনিচকীয়া, দুচকীয়া, আৰু চাইকেলৰ মুঠ উৎপাদন আছিল ২২,৯৪,৪১১ ইউনিট।

ALSO READ: Assam trade bodies vow to play their role in UNNATI-2024 initiative

BNE News Desk