newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

HDFC ৰ কৰ্মচাৰীয়ে পালে ভাল খবৰ, বেংকে দিব ১৫০০ কোটি টকা

BNE News Desk , April 22, 2024
Spread the love
Share on Twitter

এইচ ডি এফ চি বেংকৰ এম ডি আৰু চি ই অ’ শশীধৰ জগদীছনে কয় যে একত্ৰীকৰণৰ পিছত বেংকৰ কৰ্মচাৰীসকলে বহুত ভাল কাম কৰিছে। ইয়াৰ বাবে তেওঁলোকক পুৰস্কৃত কৰিব লাগিব।

ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক এইচ ডি এফ চি বেংকে কৰ্মচাৰীৰ মাজত ১৫০০ কোটি টকা বিতৰণৰ সিদ্ধান্ত লৈছে। এই তথ্য দি এইচ ডি এফ চি বেংকৰ এম ডি আৰু চি ই অ’ শশীধৰ জগদীশনে কয় যে এই এককালীন পেমেণ্টে যুৱ কৰ্মচাৰীসকলক উৎসাহিত কৰিব। ত্ৰিমাসিকৰ উৎকৃষ্ট ফলাফলৰ বাবে উৎসাহিত হৈ এই সিদ্ধান্ত লোৱা হৈছে। জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত বেংকটোৱে ১৬,৫১১ কোটি টকা লাভ কৰিছে। শনিবাৰে ত্ৰিমাসিক ফলাফল ঘোষণা কৰাৰ পিছত বেংকটোৱে ১৯.৫ টকা (এইচডিএফচি বেংক ডিভিডেণ্ড) লভ্যাংশও ঘোষণা কৰিছিল।

শশীধৰ জগদীশনৰ মতে, বেংকৰ কৰ্মচাৰী (HDFC Bank Employees) য়ে ভাল প্ৰদৰ্শন কৰিছে। ইয়াৰ পুৰস্কাৰ তেওঁলোকে নিশ্চয় পাব লাগে। এইচ ডি এফ চি লিমিটেডৰ সৈতে একত্ৰীকৰণৰ পিছত কৰ্মচাৰীসকলে প্ৰশংসনীয় কাম কৰিছে। একত্ৰীকৰণৰ পিছত কামটো অতি দ্ৰুতগতিত আগবাঢ়িছিল। কিন্তু, আমাৰ কৰ্মচাৰীসকলে দুগুণ কষ্ট কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিলে। আমি এট্ৰিচন ৰেটও মেনেজ কৰিব বিচাৰো। সেয়েহে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু বেংকৰ সৈতে জড়িত হোৱাৰ বাবে ধন্যবাদ হিচাপে আমি এই ধনৰাশি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। আমি আমাৰ লাভ কৰ্মচাৰীসকলৰ সৈতে ভাগ কৰিব বিচাৰো।

ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেংকেও শনিবাৰে বিনিয়োগকাৰীসকলক প্ৰতি শ্বেয়াৰত ১৯.৫ টকাৰ লভ্যাংশ দিয়াৰ কথা ঘোষণা কৰিছিল। এই লভ্যাংশৰ সিদ্ধান্তত অনুমোদন জনাইছে এইচ ডি এফ চি বেংকৰ ব’ৰ্ডে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰি বেংকটোৱে ১৬,৫১১ কোটি টকাৰ নিকা লাভ কৰা বুলি জানিবলৈ দিয়ে। এইচ ডি এফ চি বেংকৰ নিকা সুতৰ আয় (এন আই আই)ও ২৯,০০৭ কোটি টকালৈ বৃদ্ধি পাইছে। জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত এইচ ডি এফ চি বেংকৰ নিকা ৰাজহও ৪৭,২৪০ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত বেংকৰ সহযোগী প্ৰতিষ্ঠান এইচ ডি এফ চি ক্ৰেডিলা ফাইনেন্সিয়েল চাৰ্ভিচেছৰ অংশীদাৰিত্ব বিক্ৰী কৰি লাভ কৰা ৭৩৪০ কোটি টকাও অন্তৰ্ভুক্ত।

ALSO READ: India's direct tax collections for FY 2023-24 surpasses estimates