newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

চিনেমা উদ্যোগৰ বাবে ভাল খবৰ। পূৰ্বতকৈ অধিক উন্নত আৰু আকৰ্ষণীয় হৈ উঠিছে জ্যোতি চিত্ৰবনঃ অধ্যক্ষ

BNE News Desk , February 20, 2024
Spread the love
Share on Twitter

গুৱাহাটী: উত্তৰ পূবৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ জ্যোতি চিত্ৰবন। প্ৰতিষ্ঠাকালৰে পৰা এক অনন্য কৃতিত্বৰ অধিকাৰী হৈ আছে জ্যোতি চিত্ৰবন। অসম চৰকাৰে গুৱাহাটী কাহিলিপাৰাৰ নৰকাসুৰ পাহাৰৰ নামনি অংশত ১০ একৰ মাটিত নিৰ্মাণ কৰা জ্যোতি চিত্ৰবন পূৰ্বতকৈ বহু উন্নত মানৰ হৈ উঠিছে । উন্নত মানৰ আন্তঃগাঁঠনিৰে বৰ্তমান পৰিচালনা কৰি থকা হৈছে জ্যোতি চিত্ৰবন ।

এখন চিনেমাৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে কৰিব পৰাকৈ সকলো সুবিধাই উপলদ্ধ জ্যোতি চিত্ৰবনত । বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জ্যোতি চিত্ৰবনৰ বৰ্তমানৰ অধ্যক্ষ বিদ্যাসাগৰ বৰাই কয় যে, তেওঁৰ কাৰ্যকালত অৰ্দ্ধনিৰ্মিত হৈ থকা ডি আই কালাৰ কাৰেকচন আৰু আধুনিক ৫.১ শব্দৰ যি ব্যৱস্থা সেয়া সম্পূৰ্ণ কৰা হৈছে । নিৰ্মাণ কৰা হৈছে কেণ্টিন, পুনৰ নিৰ্মাণ কৰা হ’ল পাৰ্কৰ লগতে পাৰ্কিং ব্যৱস্থা ।

পূৰ্বে দৃশ্যাৱলী প্ৰদৰ্শন কৰা গৃহৰ পৰা প্ৰতিমাহে মাত্ৰ ২৫ হেজাৰ টকাৰ কৰ জ্যোতি চিত্ৰবনে লাভ কৰিছিল । কিন্তু বৰ্তমান ২ লাখতকৈও অধিক টকা ৰাজহ লাভ কৰিছে জ্যোতি চিত্ৰবনে। অন্যহাতে জ্যোতি চিত্ৰবনত আৰম্ভ কৰিবলৈ লোৱা হৈছে ক্ৰমা ষ্টুডিঅ৷ ইয়াৰোপৰি আৰম্ভ কৰা হ’ব অত্যাধুনিক ১৫০০ আসনযুক্ত এটা প্ৰেক্ষাগৃহ ।

তেওঁ লগতে কয় যে জ্যোতি চিত্ৰবনক বহুতে ৰামজী ফিল্ম চিটিৰ লগত তুলনা কৰে যদিও ইয়াত মাটিকালিৰ অভাৱ।তথাপি জ্যোতি চিত্ৰবনে নিজৰ গৰিমা অটুট ৰাখিবলৈ সক্ষম হৈছে। চিনেমা উদ্যোগটোৰ প্ৰায় দুটা দশক দেখা স্থবিৰতাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত অধ্যক্ষ গৰাকীয়ে কয় যে, বলিউডৰ তুলনাত অসমীয়া চিনেমাৰ বাজেট বহু কম।ইয়াৰ কাৰণ প্ৰযোজকসকলৰ সিমান পৰিমাণৰ ধনৰ অভাৱ।

ALSO READ: New water supply projects in Assam's Golaghat district