business-northeast-logo

বেতৰ সমগ্রীক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস ' Maako Collective' ৰ

Darshana Borah


Spread the love

নিজৰ ঘৰখন সুন্দৰকৈ সজাই থ'বলৈ প্ৰতি গৰাকী গৃহিনীয়ে বিচাৰে । বাঁহৰ, কাঠৰ বিভিন্ন আচবাবেৰে ড্ৰয়িং ৰূমবোৰ সজোৱা হয় যদিও আজিকালি বেতৰ সামগ্ৰী প্ৰায় কমি আহিছে । আগৰ দিনৰ সম্ভ্ৰান্ত মানুহৰ ঘৰত দেখা বেতৰ বিভিন্ন আচবাব আজিকালি প্ৰায় কম দেখিবলৈ পোৱা যায় । কিন্তু তাৰ মাজতে এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে এগৰাকী মহিলাই । তেওঁ হৈছে মহিলা উদ্যমী প্ৰত্যাশী বৰদলৈ।

আহমেদাবাদত অৰ্কিটেকৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিও অসমতে থাকি ব্যৱসায় কৰাৰ হেঁপাহ আছিল তেওঁৰ । যাৰ ফলত তেওঁ সৃষ্টি কৰিলে ' Maako Collective'। য'ত উপলব্ধ বেতৰ বিভিন্ন সামগ্ৰী ।

প্ৰকৃতিৰ পৰা উপলব্ধ বেতৰ ওপৰত বিভিন্ন ডিজাইন কৰি তেওঁ ঘৰৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত সজাই থ'ব পৰা সামগ্ৰী প্ৰস্তুত কৰে। অসমৰ নলবাৰী সামগ্ৰীসমূহ প্ৰস্তুত কৰা হয় লগতে অৰুণাচলৰ পৰা আমদানি কৰা হয় এইসমূহ বেত । চাওঁক এই বিশেষ প্ৰতিবেদন ।

ALSO READ: মাৰ্চ মাহত ভাৰতীয় ফাৰ্মাৰ বিক্ৰী ৯% বৃদ্ধি

Darshana Borah