newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

২০ কোটিৰ টাৰ্ন'অভাৰৰ লক্ষ্যৰে আগবাঢ়িছে Pul Pul Manufacturer

Radhika Daimary , May 7, 2025
Spread the love
Share on Twitter

গজেন শৰ্মা হৈছে Pul Pul Manufacturer কোম্পানীৰ স্বত্বাধিকাৰী। তেওঁ ২০০০ চনত  এই কোম্পানীটো আৰম্ভ কৰিছিল। প্ৰথমতে কোম্পানীটোৱে অফিচ ফাৰ্নিচাৰৰ কামৰ সৈতে আৰম্ভ হৈছিল। পিছলৈ তেওঁ হস্পিটেল ফাৰ্নিচাৰৰ , মডুলাৰ ফাৰ্নিচাৰ আৰু হোম ফাৰ্নিচাৰৰ কাম আৰম্ভ কৰিছিল।

মেডিকেল ষ্টাৰ্টআপৰ ক্ষেত্ৰত গজেন শৰ্মাই কয় যে, আমাৰ উত্তৰ-পূৱাঞ্চলত যথেষ্ট সম্ভাৱনা থাকিলেও এতিয়ালৈকে চৰকাৰৰ পৰা তেনেধৰণৰ সুবিধা পোৱা হোৱা নাই। তথাপি, আজিৰ নতুন প্ৰজন্ম নিজেই কাম কৰি আগবাঢ়ি আহিছে। শৰ্মাই নিজে অসমীয়া যুৱক হিচাপে নিজৰ পইচাৰে কাম আৰম্ভ কৰিছিল। তেওঁ ডাইৰেক্ট কাষ্টমাৰ আৰু বিশেষকৈ প্ৰাইভেট কাষ্টমাৰবোৰক লক্ষ্য কৰি কাম কৰে। বৰ্তমান তেওঁ চৰকাৰী কামতকৈও প্ৰাইভেট কাম অধিক কৰিব বিচাৰে।

তেওঁ ইতিমধ্যে কিছু প্ৰাইভেট হস্পিটেলৰ বাবে কাম কৰিছে আৰু আমাক জনায় যে অনাগত দিনৰ বাবেও বহুতো কাম আহিছে । তেওঁৰ কোম্পানীৰ মূল সামগ্ৰী হৈছে হস্পিটেল ফাৰ্নিচাৰ যিবোৰ বৰ্তমান সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূবাঞ্চলৰ বিভিন্ন ঠাইত বিক্ৰী হৈ আছে। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত বিক্ৰী কৰাৰ ক্ষেত্ৰত কিছু পাৰ্থক্য থাকে — বেচৰকাৰীত গ্ৰাহকৰ প্ৰয়োজন অনুসৰি কাষ্টমাইজ কৰি ফাৰ্নিচাৰ বনোৱা হয়।

গজেন শৰ্মাৰ কোম্পানীত বৰ্তমান ১৫০ জনতকৈ অধিক কৰ্মচাৰী আছে আৰু তেখেতে আগলৈ ৫০০ জনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰি আছে বুলি জনায়। তেওঁ নিজৰ সামগ্ৰী এতিয়ালৈকে এক্সপৰ্ট কৰা নাই যদিও ভৱিষ্যৎে এক্সপোৰ্টৰ চিন্তা কৰিছে।

তেওঁৰ সামগ্ৰীৰ মূল্য প্রায় ৬,৫০০ টকাৰ পৰা আৰম্ভ কৰি ১.৪০ লাখ টকাৰ ভিতৰত পোৱা যায় আৰু  কোম্পানীটোৰ বাৰ্ষিক টাৰ্ন'অভাৰ প্ৰায় ২০ কোটি টকা বুলি জনালে। তেখেতে জনাই যে বাইহাটা চাৰিআলিত থকা ভূমিত ব্যৱসায়ৰ প্ৰসাৰৰ বাবে নতুন চিন্তাৰে কিছু কামো অচিৰেই আৰম্ভ কৰা হ'ব।