newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

৫০,০০০ টকা বিনিয়োগেৰে ১.১০ লাখ টকাৰ আয় ৰঞ্জিতা দেৱীৰ

Radhika Daimary , January 30, 2025
Spread the love
Share on Twitter

ৰঞ্জিতা দেৱী হৈছে ৰঞ্জিতা ক্ৰিয়েচনৰ প্ৰতিষ্ঠাপক। ২০১১ চনত কৃষিৰ প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁ ব্যৱসায় আৰম্ভ কৰে। আৰম্ভণিতে আচাৰ ব্যৱসায়ত অসফল হোৱাত তেওঁ বাঁহ, নাৰিকল আৰু  বটল শিল্প সামগ্ৰী তৈয়াৰ কৰি সফলতা লাভ কৰে। তাৰ পাছত তেওঁ নিৰ্মাণ কৰা ৰন্ধন পাত্ৰসমূহেও জনপ্ৰিয়তা লাভ কৰে।

 ৫০,০০০ টকা বিনিয়োগৰ সৈতে তেওঁ হাতেৰে সামগ্ৰী তৈয়াৰ কৰি আৰম্ভ কৰে, কিন্তু পিছলৈ বাঁহ কটা মেচিন আৰু গ্ৰীল মেচিন কিনিব লগা হয়। ৰঞ্জিতাই ঘৰৰ পৰা সামগ্ৰী বিক্ৰী কৰে আৰু ফোনৰ জৰিয়তে অ'ৰ্ডাৰ লাভ কৰে। তেওঁৰ পৰিয়ালে তেওঁক এই ব্যৱসায়ত সহায় কৰে। তেওঁৰ গিফ্ট বটল আৰু ৰন্ধন পাত্ৰৰ মূল্য ১০০০ টকা আৰু বাহিৰৰ  অ'ৰ্ডাৰত মূল্য প্ৰায় ১৫০০ টকা হয়। ফ'ন্ডেণ্টৰ সামগ্ৰী ৩০০০ টকাৰ পৰা ৭০০০ টকা পৰ্যন্ত হয়।

তেওঁ ফেন্সী বজাৰ, অৰুণাচল প্ৰদেশ আৰু মঙলদৈৰ পৰা কেঁচা সামগ্ৰী সংগ্রহ কৰে। তেওঁৰ সামগ্ৰী পঞ্জাৱ আৰু বেংগালুৰুলৈ বিক্ৰী কৰা হয় আৰু তেওঁ প্ৰায়  ১.১০ লাখ টকা আয় কৰে। তেওঁ গুৱাহাটীসহ বিভিন্ন প্ৰদৰ্শনীত অংশ লৈ ভাল প্ৰতিক্ৰিয়া পাইছে।

ৰঞ্জিতাই এতিয়ালৈকে চৰকাৰৰ সহায় লোৱা নাই, কিন্তু মেনুফেকচাৰিং প্ৰসাৰণ আৰু হাতেকৰা উদ্যোগ আৰম্ভ কৰিবলৈ ঋণ লোৱাৰ চিন্তা কৰিছে।