newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এই SIP য়ে এক লাখ টকাৰ বিনিয়োগক ১.৪ কোটি টকালৈ ৰূপান্তৰিত কৰিলে, ইয়াৰ নাম জানে?

BNE News Desk , June 3, 2025
Spread the love
Share on Twitter

বিনিয়োগৰ জগতখনত যেতিয়াই নিৰ্ভৰযোগ্য, সুস্থিৰ আৰু দীৰ্ঘম্যাদী ৰিটাৰ্ণ দিয়া মিউচুৱেল ফাণ্ডৰ কথা কোৱা হয়, তেতিয়াই এইচ ডি এফ চি ফ্লেক্সি কেপ ফাণ্ডৰ নামটো বিশেষভাৱে ওলাই পৰে। ১৯৯৫ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এই পুঁজিটোৱে বজাৰৰ পৰিৱৰ্তিত ধাৰা বুজি পাই প্ৰায় তিনিটা দশক ধৰি বিনিয়োগ কৌশলত নমনীয় কাম কৰি আহিছে।

এই ক্ষমতাই ইয়াক বহুদিন বজাৰত থাকিবলৈ সহায় কৰে। আজিৰ সময়ত যেতিয়া বিনিয়োগকাৰীয়ে স্থিতিশীলতা, বৈচিত্ৰ্য আৰু ভাল ৰিটাৰ্ণ বিচাৰে, এই পুঁজিয়ে এক শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰে।

এইচ ডি এফ চি মিউচুৱেল ফাণ্ডৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ১৯৯৫ চনৰ ১ জানুৱাৰীত যদি কোনো বিনিয়োগকাৰীয়ে এই আঁচনিখনত মাত্ৰ ১ লাখ টকা বিনিয়োগ কৰিলেহেঁতেন তেন্তে আজি এই ধনৰাশি প্ৰায় ১.৪ কোটি টকালৈ বৃদ্ধি পালেহেঁতেন। অৰ্থাৎ এই পুঁজিয়ে বাৰ্ষিক প্ৰায় ১৮.৬৩ শতাংশ কম্পাউণ্ড ৰিটাৰ্ণ দিছে। যিকোনো দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে এইটো কেৱল এক প্ৰেৰণাদায়ক পৰিসংখ্যাই নহয়, ইয়াৰ পৰাই বুজা যায় যে ধৈৰ্য্য ধৰা বিনিয়োগকাৰীয়ে সময়ৰ লগে লগে কিমান লাভ কৰিব পাৰে।

এই পুঁজিৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াৰ শক্তিশালী ৰোলিং ৰিটাৰ্ণ প্ৰফাইল। ই পাঁচ বছৰৰ প্ৰতিটো ৰোলিং পিৰিয়ডত ইতিবাচক ৰিটাৰ্ণ দিছে, ইয়াৰে বিনিয়োগকাৰীয়ে প্ৰায় ৮৬ শতাংশ ক্ষেত্ৰত ১০ শতাংশতকৈ অধিক বাৰ্ষিক ৰিটাৰ্ণ (CAGR) লাভ কৰিছে। ইয়াৰ পৰা স্পষ্ট যে বজাৰৰ অস্থিৰতাৰ মাজতো এই পুঁজিয়ে ধাৰাবাহিকভাৱে কাম কৰি আহিছে আৰু সময়ৰ লগে লগে বিনিয়োগকাৰীৰ আস্থা শক্তিশালী কৰিছে I

ALSO READ: ভাৰতৰ এই ৪ টা কোম্পানীৰ মাৰ্কেট কেপ পাকিস্তানৰ জিডিপিতকৈ বেছি, ষ্টক মাৰ্কেটতো তেওঁলোকৰ আধিপত্য দেখা যায়

এইচ ডি এফ চি ফ্লেক্সি কেপ ফাণ্ডৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ নমনীয় বিনিয়োগ কৌশল। এই পুঁজিয়ে বজাৰৰ পৰিস্থিতি অনুসৰি বৃহৎ, মধ্যম আৰু সৰু কেপ কোম্পানীত বিনিয়োগৰ অনুপাত সলনি কৰাৰ স্বাধীনতা প্ৰদান কৰে। ফাণ্ড মেনেজাৰসকলে সময়মতে ষ্টক বাছি লোৱাৰ সুবিধা থাকে যিয়ে ভাল প্ৰদৰ্শন কৰিব পাৰে, যাতে ৰিস্ক ভাৰসাম্য ৰক্ষা কৰি সৰ্বোচ্চ ৰিটাৰ্ণ লাভ কৰিব পৰা যায়। এই নমনীয়তাই ইয়াক অন্যান্য পুঁজিৰ পৰা পৃথক কৰি তোলে আৰু ইয়াৰ দীৰ্ঘম্যাদী সফলতাত ডাঙৰ ভূমিকা পালন কৰে।

এই পুঁজিৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল এছ আই পিৰ জৰিয়তে হওক বা এককালীন বিনিয়োগৰ জৰিয়তে হওক, মাত্ৰ ১০০ টকাৰ নূন্যতম ধনেৰে ইয়াত বিনিয়োগ আৰম্ভ কৰিব পাৰি। অৰ্থাৎ সাধাৰণ মানুহৰ পৰা অভিজ্ঞ বিনিয়োগকাৰীলৈকে সকলোৱে এই পুঁজিত বিনিয়োগ কৰিব পাৰে। কিন্তু এই পুঁজি ‘অতি উচ্চ বিপদ’ শিতানত পৰে। অৰ্থাৎ দীৰ্ঘম্যাদী বিনিয়োগ কৰিবলৈ ইচ্ছুক আৰু উচ্চ লাভৰ সন্ধানত ৰিস্ক লোৱা মানসিকতা থকা বিনিয়োগকাৰীৰ বাবে ই উপযোগী।

এইচ ডি এফ চি ফ্লেক্সি কেপ ফাণ্ডে সময়ৰ লগে লগে প্ৰমাণ কৰি দেখুৱাইছে যে সঠিক কৌশল আৰু ধৈৰ্য্যৰে বিনিয়োগ কৰিলে ডাঙৰ ডাঙৰ লক্ষ্যও লাভ কৰিব পৰা যাব। কিন্তু প্ৰতিজন বিনিয়োগকাৰীয়ে নিজৰ ৰিস্ক টোলাৰেন্স, বিত্তীয় লক্ষ্য আৰু বিনিয়োগৰ সময়ছোৱাৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱা উচিত।

কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে পুঁজিৰ আঁচনিৰ তথ্য আৰু আনুষংগিক নিয়মসমূহ ভালদৰে বুজি পোৱাটো অতি প্ৰয়োজনীয়। এই পুঁজিটো এটা শক্তিশালী বিকল্প হ’ব পাৰে যদিও বুদ্ধিমানৰ সিদ্ধান্তইহে আপোনাৰ আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে।