newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

এই ৫টা কাৰকে এই সপ্তাহত শ্বেয়াৰ বজাৰ কেনেকুৱা হ’ব আৰু ইয়াৰ দিশ কি হ’ব সেইটো নিৰ্ণয় কৰিব

BNE News Desk , May 20, 2025
Spread the love
Share on Twitter

যোৱা সপ্তাহত শ্বেয়াৰ বজাৰত এক সুন্দৰ প্ৰদৰ্শন দেখা গৈছিল। কিন্তু বজাৰৰ এই উৎকৃষ্ট প্ৰদৰ্শনৰ আঁৰৰ কাৰণ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি, আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক আলোচনাৰ চুক্তি আৰু ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধবন্দী বিনিময়ৰ চুক্তি। ইয়াৰ ফলত বজাৰত ইতিবাচক প্ৰভাৱ পৰা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰিও খাৰুৱা তেলৰ মূল্য হ্ৰাস আৰু বিদেশী বিনিয়োগকাৰীৰ ধাৰাবাহিক ক্ৰয়ৰ ফলত ভাৰতীয় বজাৰখন দ্ৰুতগতিত বৃদ্ধি পোৱাত সহায় কৰিছিল। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ১৯ মে’ৰ পৰা আৰম্ভ হোৱা নতুন ব্যৱসায়িক সপ্তাহত বজাৰৰ ধাৰা কি হ’ব?

১- Q3 ৰ ফলাফল প্ৰকাশ পাব

১৯ মে’ৰ পৰা মাৰ্চ ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ আৰম্ভ হ’ব আৰু সাতশৰো অধিক কোম্পানীয়ে ত্ৰিমাসিক ফলাফল ঘোষণা কৰিব। ত্ৰিমাসিক ফলাফল আহিবলগীয়া কোম্পানীসমূহৰ ভিতৰত আছে - ইণ্ডুছইণ্ড বেংক, অ’ এন জি চি, আই টি চি, ছান ফাৰ্মাচিউটিকেলছ, জে এছ ডব্লিউ ষ্টীল, ভাৰতীয় পাৱাৰ গ্ৰীড কৰ্প’ৰেশ্যন, ভাৰত ইলেক্ট্ৰনিক্স, হিণ্ডালকো ইণ্ডাষ্ট্ৰীজ আৰু নিফ্টি ৫০।

২-খাৰুৱা তেলৰ দাম

খাৰুৱা তেলৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে। ইয়াৰ কাৰণ হ’ল ভাৰতৰ দৰে আমদানিকাৰী দেশৰ বাবে কম মূল্য তেওঁলোকৰ অৰ্থনীতিৰ বাবে বহুত ভাল। ইয়াৰ উপৰিও চীন আৰু আমেৰিকাৰ মাজত বাণিজ্যিক উত্তেজনাৰ অন্ত পৰাৰ বাবে ই আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

ALSO READ: "মাত্ৰ এটোপাল তেল? মই সুখী নহয়!", ইছলামিক দেশ ইউ এ ইত কিয় এই কথা ক'লে ড'নাল্ড ট্ৰাম্পে?

৩- বিশ্বব্যাপী অৰ্থনৈতিক তথ্য

বিশ্ব পৰ্যায়ত প্ৰকাশ পোৱা অৰ্থনৈতিক তথ্যইও বজাৰত যথেষ্ট প্ৰভাৱ পেলাব। বহু দেশে প্ৰকাশ কৰা পিএমআই তথ্য নিৰীক্ষণ কৰা হ’ব, ইয়াৰ লগতে চীনৰ অৰ্থনৈতিক তথ্য আৰু ইউৰোজোন আৰু জাপানৰ মুদ্ৰাস্ফীতিৰ হাৰও বজাৰৰ ধাৰা নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ কাৰক হিচাপে প্ৰমাণিত হ’ব পাৰে।

৪- বাণিজ্য চুক্তি

ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা সপ্তাহত কয় যে আমেৰিকাৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ সৈতে আলোচনাৰ অন্তত অনাগত সপ্তাহত নতুন শুল্কৰ হাৰ ঘোষণা কৰিব। ইয়াৰ লগতে বিশ্বৰ দুখন অৰ্থনৈতিক মহাশক্তি আমেৰিকা আৰু চীনৰ মাজত জেনেভাত হোৱা বাণিজ্যিক চুক্তিৰ পিছত উত্তেজনা হ্ৰাস পাইছে। ইয়াৰ বাবেই বিশ্বৰ বজাৰত বিনিয়োগকাৰীৰ মনতো আত্মবিশ্বাসৰ সৃষ্টি হৈছে।

৫- বিদেশী বিনিয়োগকাৰীৰ মনোভাৱ

বজাৰৰ দিশ নিৰ্ণয় কৰাত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ মনোভাৱেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যোৱা সপ্তাহৰ কথা ক’বলৈ গ’লে এফআইআইসমূহে ১৫,৯২৫ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। ইয়াৰ বাবে মে’ মাহত মুঠ ২৩,৭৮৩ কোটি টকা পৰ্যন্ত ক্ৰয় কৰা হৈছে। ভাৰতৰ জিডিপি বৃদ্ধি ছয় শতাংশৰ ওপৰত আৰু ই বিশ্বৰ সৰ্ববৃহৎ বৃদ্ধি পোৱা অৰ্থনীতি হৈয়েই আছে। এই কাৰকে বিনিয়োগকাৰীক আকৰ্ষণ কৰাত ডাঙৰ ভূমিকা ল’ব। ইয়াৰ উপৰিও ভূ-ৰাজনৈতিক উত্তেজনা হ্ৰাস পোৱাটোও এক গুৰুত্বপূৰ্ণ কাৰক হৈয়েই আছে।