newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধত ৯০ দিনৰ বিৰতি, আমেৰিকাই ১১৫ শতাংশ শুল্ক কৰ্তন

BNE News Desk , May 12, 2025
Spread the love
Share on Twitter

এতিয়া আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধৰ অন্ত পৰিল। দুয়োখন দেশে জেনেভাত দুদিনীয়া দীঘলীয়া বৈঠকৰ অন্তত এই চুক্তিত ছীল কৰে। বিশ্বৰ দুয়োটা অৰ্থনৈতিক শক্তিৰ যৌথ বিবৃতিত কোৱা হৈছে যে বৰ্তমানৰ শুল্কত ৯০ দিনৰ বিৰতি আৰোপ কৰা হৈছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে দুয়োখন দেশে বৰ্তমানৰ শুল্ক বন্ধ কৰিবলৈ সন্মত হোৱাই নহয়, হ্ৰাস কৰিবলৈও সন্মত হৈছে।

বেছাণ্টৰ মতে, দুয়োখন দেশে ইজনে সিজনৰ ওপৰত আৰোপ কৰা শুল্ক প্ৰায় ১১৫ শতাংশ হ্ৰাস কৰা হৈছে। এই ৯০ দিনত চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক ১৪৫ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰা হ’ব। আনহাতে চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ১২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰিব

বেছাণ্টে চীনৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনা অতি ইতিবাচক বুলি উল্লেখ কৰি দুয়োখন দেশে ইজনে সিজনক সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰে কয় যে আমি ইমান সোনকালে চুক্তিখন কেনেকৈ চূড়ান্ত কৰিলোঁ সেয়া বুজাটো গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বুজা যায় যে আমাৰ মাজত চাগে বেছি পাৰ্থক্য নাছিল।

ALSO READ: ‘Neev’ ব্ৰেণ্ডৰ জৰিয়তে উদীয়মান উদ্যোগপতিৰ সফল অভিযান

তেওঁ কয় যে ট্ৰাম্প প্ৰশাসনৰ মূল লক্ষ্য হৈছে চীনৰ সৈতে বাণিজ্যিক ঘাটি হ্ৰাস কৰা, যিটো যোৱা বছৰ অভিলেখ ২৬৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। গ্ৰীৰে আৰু কয় যে চীনৰ অংশীদাৰগৰাকীৰ সৈতে হোৱা চুক্তিসমূহে তেওঁলোকক সহায় কৰিব আৰু ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা অতিক্ৰম কৰাত সহায় কৰিব বুলি তেওঁ আত্মবিশ্বাসী।

মন কৰিবলগীয়া যে ট্ৰাম্পৰ শুল্ক ঘোষণা আৰু চীনৰ সৈতে বাণিজ্য যুদ্ধৰ বাবে বিশ্বৰ বজাৰত অনিশ্চয়তাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিনিয়োগকাৰীৰ মাজত শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। তেওঁলোকে অনবৰতে সোণক বিনিয়োগৰ বাবে আটাইতকৈ উপযোগী বুলি বিবেচনা কৰি আছিল। এনে পৰিস্থিতিত চীন-আমেৰিকাৰ এই বাণিজ্য চুক্তিয়ে বিশ্বৰ অনিশ্চয়তাৰ অন্ত পেলাইছে।