গুৱাহাটী: বিদেশৰ কিতাপৰ দোকানেৰে ভৰিছে গুৱাহাটী। চানমাৰি খেলপথাৰত ৰাছিয়া,বাংলাদেশৰ কিতাপ বিক্ৰেতাই অসমীয়া পাঠকৰ মাজত বিলাইছে গ্ৰন্থৰ সুবাস। হয় আমি কৈছো অসম গ্ৰন্থমেলাৰ কথা...গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা । যোৱা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা ।
বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলাৰ বিষয়ে বহু কথা উল্লেখ কৰে । তেওঁ কয় যে পূৰ্বতকৈ গ্ৰন্থ প্ৰেমীৰ ভিৰ বৃদ্ধি হৈছে । কেৱল গুৱাহাটীতেই নহয়, অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা । উল্লেখযোগ্য যে যোৱা চাৰি দিনত ৮৫ লাখ টকাৰ কিতাপ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰিছে অসম গ্ৰন্থমেলাই। অসমীয়া, ইংৰাজী, হিন্দীৰ বাহিৰেও বহু আঞ্চলিক ভাষাৰ কিতাপ এইবাৰ উপলব্ধ হৈছে । ভাৰতৰ বাহিৰেও বাংলাদেশ, ৰাছিয়া আদি দেশৰ পৰাও প্ৰকাশক গোষ্ঠীৰ আগমন ঘটিছে এই মেলাত ।
ইয়াৰ উপৰিও বহু শিশু উপন্যাসে ঠাই পাইছে এইবাৰৰ গ্ৰন্থ মেলাত । লগতে বিভিন্ন অনুবাদ গ্ৰন্থৰ বাবে ভিৰ কৰিছে পাঠকে । প্ৰমোদ কলিতাই লগতে কয় যে, মোবাইলৰ যুগত কিতাপ পঢ়া লোকৰ সংখ্যা কমি গৈছে যদিও এইবাৰৰ যথেষ্ট সংখ্যক গ্ৰাহকৰ উপস্থিতিয়ে এক ইতিবাচক ইংগিত বহন কৰিছে ।
চৰকাৰে প্ৰায় ১০-১২ লাখ টকা খৰচ কৰি অনুষ্ঠিত কৰিছে এইবাৰৰ গ্ৰন্থমেলা । ইয়াৰ উপৰিও তেওঁ গ্ৰন্থমেলাৰ বিষয়ে বহুখিনি কথা উল্লেখ কৰে। শুনক তেওঁৰ মন্তব্য ।
ALSO READ: Guwahati rings in 2023 with record-breaking alcohol consumption, boosting excise revenue