ডাটা চেণ্টাৰ ব্যৱসায়ত মনোনিৱেশ কৰা আদানীৰ কোম্পানীয়ে অহা দশকত দেশৰ বিভিন্ন চহৰত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ ওলাইছে...
গৌতম আদানীৰ আদানী গ্ৰুপৰ এটা কোম্পানী আদানী কানেক্সে অনাগত দিনত হাজাৰ হাজাৰ কোটি টকাৰ ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে বিভিন্ন বেংকৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু কোৱা হৈছে যে কোম্পানী আৰু বেংকৰ মাজত আঁচনি সন্দৰ্ভত চৰ্ত নিৰ্ধাৰণ কৰা হৈছে।
ইটিৰ এক প্ৰতিবেদন অনুসৰি আদানী কানেক্সে ৯০০ৰ পৰা ৯৫ কোটি ডলাৰ অৰ্থাৎ ৭৫০০ৰ পৰা ৮০০০ কোটি টকাৰ ধন সংগ্ৰহৰ বাবে আঠটা বিদেশী বেংকৰ সৈতে আলোচনাৰ অন্তিম পৰ্যায়ত আছে। বিষয়টোৰ সৈতে জড়িত লোকসকলৰ উদ্ধৃতিৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই পুঁজি ৬ বছৰৰ বিদেশী ঋণৰ ৰূপত সংগ্ৰহ কৰা হ’ব। ইয়াৰ বাবে যিবোৰ বেংকৰ সৈতে আলোচনা চলি আছে সেইবোৰৰ ভিতৰত আছে এম ইউ এফ জি বেংক, চুমিটোমো মিটছুই বেংকিং গ্ৰুপ আৰু ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক
এই সপ্তাহত কোম্পানীটোৱে বিভিন্ন বেংকৰ সৈতে ঋণৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে। এই ঋণৰ সুতৰ হাৰ ছিকিউৰড অভাৰনাইট ফাইনেন্সিং ৰেট অৰ্থাৎ এছ অ’ এফ আৰতকৈ ২.৫-২.৬ শতাংশ বেছি হ’ব পাৰে। বৰ্তমান নিৰাপদ অভাৰনাইট ফাইনেন্সিং হাৰ ৫.৩ শতাংশ। অৰ্থাৎ আদানীৰ কোম্পানীয়ে প্ৰায় ৫.৫ শতাংশ সুতৰ হাৰত বিদেশী বেংকৰ পৰা এই ধন লাভ কৰিব পাৰে।
আদানি কানেক্স হৈছে আদানি গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী আদানি এণ্টাৰপ্ৰাইজ আৰু এজ কানেক্সৰ যৌথ উদ্যোগ। এই উদ্যোগত দুয়োৰে সমান ৫০-৫০ শতাংশ অংশীদাৰিত্ব। এই যৌথ উদ্যোগ ভাৰতৰ ডাটা চেণ্টাৰ ব্যৱসায়ৰ বাবে সৃষ্টি কৰা হৈছে। এই উদীয়মান ব্যৱসায়ৰ বাবে আদানী গ্ৰুপে ডাঙৰ ডাঙৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।
অহা দশকত দেশৰ বিভিন্ন চহৰত ১ গিগা ৱাট ক্ষমতাৰ ডাটা চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে আদানী কানেক্সে। য’ত কোম্পানীটোৱে ডাটা চেণ্টাৰ স্থাপন কৰিবলৈ ওলাইছে সেই চহৰসমূহৰ ভিতৰত হায়দৰাবাদ, চেন্নাই, নয়ডা আৰু পুনে। বিভিন্ন বেংকৰ পৰা সংগ্ৰহ কৰা ধন কোম্পানীটোৱে কেৱল ডাটা চেণ্টাৰ স্থাপনৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ পূৰ্বে যোৱা বছৰ কোম্পানীটোৱে ২১৩ মিলিয়ন ডলাৰৰ ধন সংগ্ৰহ কৰিছিল।
ALSO READ: HDFC ৰ কৰ্মচাৰীয়ে পালে ভাল খবৰ, বেংকে দিব ১৫০০ কোটি টকা