business-northeast-logo

কেৱল শিক্ষাই নহয় সমগ্ৰ অসমতে অৰ্থনৈতিকভাৱেও বৃহৎ সফলতাৰ শিখৰত CEC

Darshana Borah


Spread the love

আজিকালি কম্পিউটাৰ শিক্ষাৰ কিমান প্ৰয়োজন বহলাই কোৱাৰ প্ৰয়োজন নাই । প্ৰতিটো অনুষ্ঠানতে কাম কৰিবলৈ কম্পিউটাৰ জনাৰ দৰকাৰ । নব্বৈ দশকতে এগৰাকী ব্যক্তিৰ মনলৈ আহিছিল কম্পিউটাৰ শিক্ষাৰ কথা । যাৰ ফলস্বৰূপে ১৯৯৪ চনত প্ৰতিষ্ঠা হৈছিল CEC । এতিয়া CEC বুলি ক'লে চিনি নোপোৱা মানুহ কমেই ওলাব । বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বহুতেই হয়টো অসমৰ বিভিন্ন প্ৰান্তত ইয়াতেই কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিছে ।

CEC ৰ প্ৰতিষ্ঠাপক দীপাংকৰ দত্ত হৈছে এগৰাকী উদ্যমী, বিখ্যাত ব্যৱসায়ী লগতে শিক্ষাৰ লগত জঢ়িত এগৰাকী ব্যক্তি। বিজনেছ নৰ্থইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ১৯৯৪ চনত কেৱল মাত্ৰ তিনিটা কম্পিউটাৰেৰে CEC আৰম্ভ কৰিছিল গুৱাহাটী মহানগৰীৰ নুনমাটিত । তাৰপিছত তেওঁ আৰু ঘূৰি চাব লগা হোৱা নাই । বৰ্তমান সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ১৭৫ টা CEC ৰ কেন্দ্ৰ আছে । প্ৰায় ২৫০০ লোকে তেওঁৰ অধীনত কৰ্ম সংস্থাপন লাভ কৰাৰ লগতে শ শ ল'ৰা-ছোৱালীয়ে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে কামৰ কেতিয়াও সৰু-বৰ নাথাকে । যদি মন আৰু আত্ম-বিশ্বাস থাকে কম মূলধনৰেও আগবাঢ়ি আহিব পাৰি । শিক্ষাৰ লগত জঢ়িত এই গৰাকী দীপাংকৰ দত্তই অসমত শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। CEC ৰ বাহিৰেও বিদ্যামন্দিৰ, DDM হাইস্কুলৰো তেওঁ প্ৰতিষ্ঠাপক ।

উল্লেখযোগ্য যে DDM হাইস্কুলত ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰা হয়। অভিভাৱক সকলক উদ্দেশ্যি তেওঁ কয় যে, সন্তানৰ যদি ব্যৱসায় কৰাৰ মন থাকে তেন্তে অভিভাৱকসকলে কেতিয়াও বাধা দিব নালাগে । কাৰণ অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলি সততে কোৱা এই বাক্যশৰীৰ এতিয়া সলনি কৰাৰ সময়। আজিকলি বিভিন্ন স্তাৰ্ট আপৰ জৰিয়তে ব্যৱসায় কৰিবলৈ অসমীয়া যুৱ চাম ওলাই আহিছে । গতিকে সৰু কাম এটাৰ যোগেদি হ'লেও অসমীয়া ল'ৰা-ছোৱালী সংস্থাপনৰ বাবে ওলাই আহিব লগে বুলি তেওঁ মন্তব্য কৰে ।

ALSO READ: আদানি উইলমাৰ আপডেট: খাব পৰা তেল, খাদ্য ব্যৱসায়ৰ দুটা সংখ্যাৰ বৃদ্ধি

Darshana Borah