newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ৰাজ্যৰ বান পৰিস্থিতি, শিক্ষাসেতু এপ, নতুন আইন, চিকিৎসা আদিকে ধৰি বহু কেইটা  গুৰুত্বপূৰ্ণ  বিষয় লৈ সংবাদমেল মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Darshana Borah , July 3, 2024
Spread the love
Share on Twitter

মুখ্যমন্ত্ৰী  ডঃ হিমন্ত বিশ্ব শৰ্মাই  ১ জুলাই তাৰিখে দিছপুৰস্থিত লোকসেৱা ভৱণত এক সংবাদমেল সম্বোধন কৰে৷ শেহতীয়া ৰাজ্যত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩,৪ দিনত ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হ‘ব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী দেৱে ৰাজ্যৰ ১৪খন জিলাৰ ৬৯৮খন গাঁও বানত প্লাৱিত হৈছে।৷ বানত ক্ষতিগ্ৰস্ত হৈছে ২ লাখ ৭০ হাজাৰ জনতা। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰতিজন জিলা উপায়ুক্তক সষ্টম হৈ থকাৰ উপৰিও নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী দেৱে৷৷ তাৰোপৰি অসম চৰকাৰ প্ৰতিজন অভিভাৱক মন্ত্ৰী, বিধায়কক নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰি বান বিধ্বস্ত ৰাইজৰ ওচৰলৈ গৈ সকলো সমস্যাৰ সমাধানৰকল্পে কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷৷ তাৰোপৰি কাজিৰঙাৰ মাজেদি বন্ধ কৰা হৈছে ট্ৰাকৰ চলাচল।

তাৰ সলনি উত্তৰ অসমেৰে চলাচল কৰিব পাৰিব ট্ৰাকসমূহ। কাজিৰঙাৰ মাজেদি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পাৰ কৰা হ'ব নাইট ছুপাৰ বুলি মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্ত কৰে৷ ইয়াৰ উপৰিও ৯৫ টা ফৰেষ্ট চেক প্লাবিত হৈছে ।কোনো মথাউৰি ভঙা নাই ৰাজ্যত৷ অৰুণাচল প্ৰদেশত হোৱা বানপানীৰ ফলত উজনি অসমৰ জিলা সমূহ বান পৰিস্থিতি জটিল হৈছে৷ কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ প্ৰধান মন্ত্ৰীৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীদেৱক৷৷ভাৰতীয় সেনা, NDRF য়েও প্ৰয়োজন অনুসৰি সহায় কৰিৱ বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰী দেৱে৷৷ ইয়াৰ উপৰিও বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ জুলাইৰ পৰা লক্ষীমপুৰত ২ দিনীয়াকৈ হ‘ব লগীয়া জিলা উপায়ুক্ত সন্মিলন স্থগিত কৰা হৈছে। মন্ত্ৰী ৰঞ্জিত দাস, সঞ্জয় কিছান আৰু পিযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদাৰক কৰি আছে বান পৰিস্থিতি। উল্লেখযোগ্য যে অহা বুধবাৰৰ পৰা অনুষ্ঠিত হ‘ব কেবিনেট বৈঠক। 

শিক্ষকৰ অভিযোগ শুনা, শুদ্ধ কৰাটো আমাৰ দায়িত্ব। শিক্ষাসেতু এপৰ গুণগত মানত খেলিমেলি থাকিলে অভিযোগ দিয়ক। ৩১ জুলাইৰ ভিতৰত দিব পাৰিব অভিযোগ'। শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী দেৱৰ৷৷শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত তদন্ত কমিটী গঠন। ছেপ্টেম্বৰত ৰাজহুৱা কৰিব কমিটীয়ে দাখিল কৰা প্ৰতিবেদন। IITৰ বিশেষজ্ঞ, বিশিষ্ট শিক্ষাবিদক লৈ কমিটী গঠন। কমিটীত আছে IITৰ ডীন পৰমেশ্বৰ আয়াৰ, শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক হিতেন চৌধুৰী। তেওঁলোক তিনিওজনে ৰাজ্যৰ ২ খন চৰ অঞ্চলৰ বিদ্যালয়, ৩ খন পাহাৰ অঞ্চলৰ বিদ্যালয় আৰু ৩ খন অধিক পিছপৰা অঞ্চলৰ বিদ্যালয়লৈ গৈ সমগ্ৰ বিষয়টো তদাৰক কৰিব আৰু ১ ছেপ্তেম্বৰত শিক্ষা সেতু এপটোৰ প্ৰতিবেদন ৰাইজৰ আগত ডাঙি ধৰিব। লগতে এলিমেণ্টেৰি এডুকেশ্বনৰ ডাইৰেক্টৰে মেম্বাৰ হিচাপে কাম কৰিব। এই কথা সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ৷৷৷

১ জুলাইৰ পৰা দেশত বলৱৎ ৩ খনকৈ নতুন ফৌজদাৰী আইন। ইতিহাস হ’ল IPC, CRPC, IEA ACT। বলৱৎ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম। নতুন আইনক লৈ মাননীয় মুখ্যমন্ত্ৰী দেৱে ভাৰতীয় আইন ব্যৱস্থাক আদৰণি জনাই৷

ৰাজ্যখনত বাল্যবিৱাহ মষিমূৰ কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী দেৱে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু বাল্যবিৱাহ ৰোধ কৰাত সফল হৈছে ৰাজ্যচৰকাৰ বুলি মুখ্যমন্ত্ৰী দেৱে ব্যক্ত কৰে৷৷ তাৰোপৰি এতিয়াৰে পৰা  যদি কোনো লোকে বাল্য বিবাহ বা ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰিব, যদি ৰাখে এতিয়াৰে পৰা সেইলোকক ধৰ্ষণ ৰ গোচৰত অভিযুক্ত হ’ব বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰী দেৱে৷৷

এতিয়াৰে পৰা অসমৰ কোনো চিকিৎসকে কৰ্তব্যৰত সময়ত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিলে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয় খনৰ লাই’চেন্স বাতিল হ’ব বুলি মুখ্যমন্ত্ৰী দেৱে সদৰি কৰে৷৷ তাৰোপৰি অসমৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰি ২০১৯ চনৰ জুন মাহত নলবাৰীত কিদনী ফ্ৰী ডাইলেছিচ চেন্তাৰ মুকলি কৰা হৈছিল৷ কভিডৰ সময়ত ৩৩ খন জিলাৰ ৪১ টা স্থানত ফ্ৰী ডায়েলেছিচ কৰোৱা হৈছিল। যোৱা ২৩-২৪ চনত ৫০০০ লোকে ২ লাখ ২১ হাজাৰ ১১৬ টা ফ্ৰী কিডনী ডাইলেছি ত অংশ গ্ৰহণ কৰিছে৷ ৪১ টাৰ পিছত ১ জুলাইত আৰু ৩৫ টা ডায়েলেচিছ চেণ্টাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সেই উদ্দেশ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিত কিডনী ফ্ৰী  ডাইলেছিচ চেন্টাৰ খোলাৰ পোষকতা ৰাজ্য চৰকাৰে কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ALSO READ: Gold and silver prices increase on Multi Commodity Exchange