newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

ফাঁচী বজাৰত জনতাৰ ভিৰ, দোকানত পূৰ্বতকৈ হ্ৰাস গ্ৰাহকৰ উপস্থিতি

BNE News Desk , February 20, 2024
Spread the love
Share on Twitter

গুৱাহাটী: দুৰ্গা পূজা সমাগত । মাজত মাথোঁ কেইটামান দিন বাকী । ব্যস্ত হৈ পৰিছে মৃৎ শিল্প সকল, ব্যস্ত হৈ পৰিছে পূজা কমিটি সকল। মহানগৰীৰ ব্যস্ত ব্যৱসায়িক ঠাই ফাঁচী বজাৰতো দেখা গৈছে জনতাৰ ভিৰ ।

যুৱক - যুৱতীৰ পৰা বৃদ্ধ লৈকে সকলো গৈছে ফাঁচী বজাৰৰ পৰা পূজাৰ সামগ্ৰী কিনিবলৈ । বিজনেছ নৰ্থ ইষ্টৰ এক প্ৰতিবেদন অনুসৰি পূৰ্বতকৈ হ্ৰাস পাইছে বিক্ৰীৰ হাৰ। কভিড মহামাৰীৰ পিছত যেন ক্ৰমাৎ হ্ৰাস পাইছে ফাঁচী বজাৰৰ সেই উদ্যম। যোৱা বছৰৰ তুলনাত এইবছৰ প্ৰায় ৪০ শতাংশ বিক্ৰী হ্ৰাস পাইছে। আমি জানিবলৈ বিচাৰিছিলো কিয় এনে হৈছে ।

তাৰ উত্তৰ আছিল অনলাইন স্বপিং। বিশেষকৈ কভিডৰ পিছৰ পৰা প্ৰায় মানুহেই অনলাইনত কিনাত বেছি গুৰুত্ব দিয়া হ ' ল বুলি এক প্ৰকাৰে অভিযোগ উত্থাপন কৰিছে দোকানী বোৰে । তেওঁলোকে কয় যে যদিও তেওঁলোকৰ দোকান বোৰত কিনিবলৈ আহে তথাপি অনলাইন ৰ দামৰ লগত তুলনা কৰে গ্ৰাহক সকলে । যাৰ বাবে বিবুদ্ধিত পৰে দোকানী সকল। ফলত ক্ৰমাৎ কমি আহিছে গ্ৰাহকৰ সংখ্যা, বিক্ৰীৰ সংখ্যা। লগতে প্ৰায়সকল গ্ৰাহকে অভিযোগ কৰিছে যে পূৰ্বতকৈ সকলো বস্তুৰ দাম প্ৰায় ৩০ শতাংশ বৃদ্ধি হৈছে ।

দাম বৃদ্ধিয়ে মাধমাৰ সোধাইছে গ্ৰাহক সকলক । লগতে পূৰ্বতকৈ দোকানৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেও ক্ষতিগ্ৰস্ত দোকানী সক ল। কিছু কিছু দোকানীয়ে অভিযোগ উত্থাপন কৰিছে যে মহানগৰীত চলি থকা ফ্লাই অভাৰৰ নিৰ্মাণৰ বাবে সৃষ্টি হোৱা যান- যটৰ বাবেও প্ৰায় বোৰ গ্ৰাহকে ওচৰৰ দোকান বোৰত গৈ বজাৰ কৰে । তাৰমাজতো কিন্তু ম্লান পৰা নাই ফাঁচী বজাৰৰ গৰিমা । লাভ - লোকচানৰ মাজতো উৎসব পাৰ্বন বুলি ক ' লেই যেন গ্ৰাহকৰ প্ৰথম পছন্দ ফাঁচী বজাৰ।

ALSO READ: Latest News Update in Flash