কোটাক অলটাৰনেট এচেট মেনেজাৰছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে অনাগত মাহত বিশ্বৰ অৰ্থনৈতিক বিকাশ হ্ৰাস পাব। আমেৰিকা আৰু চীনৰ দৰে বৃহৎ অৰ্থনীতিও মন্দাৱস্থাৰ বলি হ’ব পাৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ অৰ্থনীতি ৯০ বেচিছ পইণ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, আনহাতে চীনৰ বৃদ্ধি ৬০ বেচিছ পইণ্ট হ্ৰাস পাব পাৰে। কিন্তু ইয়াৰ বিপৰীতে ভাৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা আছে।
ভাৰতীয় অৰ্থনীতিৰ এই শক্তিৰ মাজতে ইয়াৰ ক্ৰমবৰ্ধমান উৎপাদন কাৰ্যকলাপ। ভাৰতে নিজৰ উৎপাদন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিবেদন অনুসৰি দেশৰ পাৰ্চেজিং মেনেজাৰ ইনডেক্স (পিএমআই)ৰ সংখ্যা অহৰহ দ্ৰুতগতিত বৃদ্ধি পাই আছে, যাৰ বাবে ইয়াক বিশ্বৰ আন বহু দেশৰ পৰা পৃথক কৰি তুলিছে। আন বহু পৰিমাপৰ পৰা মিশ্ৰিত সংকেত পোৱাৰ পিছতো ভাৰতৰ সামষ্টিক অৰ্থনৈতিক পৰিস্থিতি সুস্থ হৈ আছে। ইফালে ঋণো কমিছে আৰু চৰকাৰী ব্যয়ো কিছু কমিছে, যিয়ে অৰ্থনীতিক সহায় কৰিছে।
ALSO READ: ২০ কোটিৰ টাৰ্ন'অভাৰৰ লক্ষ্যৰে আগবাঢ়িছে Pul Pul Manufacturer
মন কৰিবলগীয়া যে এইবাৰ দেশত বাৰিষাত স্বাভাৱিকতকৈ অধিক বৰষুণৰ অনুমান কৰা হৈছে। ইয়াৰ ফলত গ্ৰামাঞ্চলত চাহিদা বৃদ্ধি হোৱাৰ লগতে মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা সময়মতে দেশৰ কৃষি খণ্ডত সহায়ক হ’ব।
প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ২০২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ আয় আশা কৰাতকৈ কম আছিল আৰু পাকিস্তানৰ সৈতে ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে যদিও শেহতীয়াকৈ হ্ৰাস পোৱাৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে। ভাৰতীয় ষ্টকত ঘৰুৱা বিনিয়োগকাৰীয়ে প্ৰচুৰ পৰিমাণে বিনিয়োগ কৰিছে। বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়েও (এফপিআই) একেৰাহে দ্বিতীয় মাহৰ বাবে যথেষ্ট ক্ৰয় কৰিছে। অৱশ্যে চলি থকা ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ বাবে অদূৰ ভৱিষ্যতে বজাৰখন অস্থিৰ হৈ থাকিব পাৰে বুলিও প্ৰতিবেদনত সকীয়াই দিয়া হৈছে।