newsdesk@business-northeast.com

+91 6026176848

More forecasts: New York weather 30 days

IndusInd Bank ত ১৭২.৫৮ কোটি টকাৰ জালিয়াতি, তিনি ত্ৰিমাসিক অনিয়ম অব্যাহত আছে

BNE News Desk , May 23, 2025
Spread the love
Share on Twitter

শেহতীয়াকৈ ইণ্ডাছইণ্ড বেংকে ইয়াৰ মাইক্ৰ’ফাইনেন্স কাৰ্য্যকলাপত এক বৃহৎ আভ্যন্তৰীণ জালিয়াতিৰ গোচৰ প্ৰকাশ কৰিছে। বেংকটোৰ তথ্য অনুসৰি ১৭২.৫৮ কোটি টকাৰ ধনৰাশি ভুলকৈ "মাচুলৰ আয়" হিচাপে দেখুওৱা হৈছিল, যিটো ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তিনিটা ত্ৰৈমাসিকত ৰেকৰ্ড কৰা হৈছিল। এই জালিয়াতিৰ স্তৰসমূহ পোহৰলৈ আহিছিল যেতিয়া বেংকৰ আভ্যন্তৰীণ নিৰীক্ষণ দল (আই এ ডি) আৰু এটা বাহ্যিক পেছাদাৰী সংস্থাই যৌথভাৱে তদন্ত কৰিছিল।

বেংকটোৱে এক্সচেঞ্জ ফাইলিঙত জনোৱা মতে, ২০২৫ চনৰ ২০ মে’ত আই এ ডিয়ে প্ৰতিবেদন দাখিল কৰিছিল, য’ত ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে তিনিটা ত্ৰৈমাসিকত ১৭২.৫৮ কোটি টকা মাচুলৰ আয় হিচাপে ভুলকৈ লিপিবদ্ধ কৰা হৈছে।এই ধনৰাশি ২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ঘূৰাই দিয়া হৈছিল।

ALSO READ: আদিত্য বিৰলা গ্ৰুপ কোম্পানীৰ বিভাজন, অভিলেখ আৰু এক্স-ডেট ২২ মে’ত; আজি শ্বেয়াৰ কিনাৰ শেষ সুযোগ

কেৱল এয়াই নহয়, এই কেলেংকাৰিৰ বাবে ১৮ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ত্ৰিমাসিক লোকচানৰ সন্মুখীন হোৱা বুলিও বেংকটোৱে কয়। এই জালিয়াতিৰ সৈতে একাংশ কৰ্মচাৰী প্ৰত্যক্ষভাৱে জড়িত বুলি বেংকটোৱে সন্দেহ প্ৰকাশ কৰিছে, যিয়ে ইচ্ছাকৃতভাৱে হিচাপ-নিকাচৰ ভুল কৰিছিল।

২০২৫ চনৰ মাৰ্চ মাহতো ইণ্ডুছইণ্ড বেংকে ডেৰাইভেটিভ পৰ্টফলিঅ’ত একাউণ্টিং লেপছ স্বীকাৰ কৰিছিল। সেই সময়ত বেংকৰ নেট ৱৰ্থত ইয়াৰ প্ৰভাৱ ২.৩৫ শতাংশ পৰ্যন্ত হোৱা বুলি কোৱা হৈছিল। ইয়াৰ পিছত বেংকে প্ৰাইচৱাটাৰহাউছকুপাৰছ (পিডব্লিউচি) নিযুক্তি দিয়ে যাতে এই অনিয়মসমূহ গভীৰভাৱে বিশ্লেষণ কৰিব পাৰে। পি ডব্লিউ চিৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ৩০ জুনলৈকে এই অনিয়মৰ মুঠ প্ৰভাৱ আছিল ১৯৭৯ কোটি টকা।

এই বিত্তীয় সংকটৰ পিছত ২৯ এপ্ৰিলত বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া সুমন্ত কাঠপালিয়া আৰু উপ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ খুৰানাই পদত্যাগ কৰে। ইয়াৰ পিছত বেংক ব’ৰ্ডে এখন কাৰ্যবাহী সমিতি গঠন কৰিছে যিয়ে নতুন এমডি এণ্ড চিইঅ’ই দায়িত্ব লোৱালৈকে বেংকৰ কাম-কাজ চম্ভালিব।  

আভ্যন্তৰীণ নিৰীক্ষণ দলটোৱে কেৱল মাচুলৰ আয় নহয়, সন্দেহজনক পৰিমাণৰ ৫৯৫ কোটি টকা "অন্য সম্পত্তি"ত, যাৰ কোনো কংক্ৰিট একাউণ্ট নাই। কেৱল এয়াই নহয়, বেংকৰ মাইক্ৰ’ফাইনেন্স প’ৰ্টফ’লিঅ’ৰ তদন্ততো দেখা গ’ল যে তিনি ত্ৰৈমাসিকত ৬৭৪ কোটি টকাৰ সুতও ভুলকৈ ৰেকৰ্ড কৰা হৈছে।