business-northeast-logo

আহি গ'ল Lawyers সকলৰ নতুন Software; Parv Legal

Darshana Borah


Spread the love

আজিকালি ক্ৰমাৎ গঢ় লৈ উঠা ষ্টাৰ্ট আপ সমূহে বহু ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু বিভিন্ন দিশত লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা ।

বিজনেছ নৰ্থইষ্টে এনেকুৱা ধৰণৰ বহু ষ্টাৰ্ট আপৰ বাণিজ্যিক দিশটোৰ বাতৰি প্ৰচাৰ কৰিছে । তেনেধৰণৰ এটা ষ্টাৰ্ট আপ হৈছে Parv Legal Company. দেৱী পাৰ্বতীৰ নামেৰে নামাকৰণ কৰা এই কোম্পানীটোৰ Co Founder তথা CEO ধীৰাজ হাজৰিকাৰ সৈতে হোৱা এক সাক্ষৎকাৰত তেওঁ কয় যে , তেওঁলোকে এই কোম্পানীটোৰ জৰিয়তে Legal Practice Management Software প্ৰভাইড কৰে । বিভিন্ন আদালতত উকীল সমূহে প্ৰেক্টিছ মেনেজ কৰে, তেতিয়া তেওঁলোকে কেৱল অফলাইনহে মেনেজ কৰিব পাৰে । আজিৰ অনলাইনৰ যুগটো কিন্তু উকীল সমূহৰ কোনো অনলাইন প্লেটফৰ্ম নাই। য'ত কে'ছ এটা মেনেজ কৰিব পাৰে বা কে'ছৰ আপডেট পায়।  উকীলসমূহৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা বা প্ৰত্যাহ্বানটো হৈছে Case List উলিওৱা । কাৰণ তেওঁলোকৰ হাতত কোনো দাতা নাথাকে । তেওঁ কয় যে এই Parv Legal Company ৰ ছফ্টৱেৰৰ যোগেদি আৰু Govt. of Indiar E-Court ৰ যোগেদি আপডেট কৰি case creation ৰ পৰা আৰম্ভ কৰি ক'ৰ্টৰ সকলোবোৰ কামতে তেওঁলোকৰ এই প্লেটফৰ্ম মেনেজ কৰিব পাৰি ।      

কেতিয়াৰ পৰা এই ছফ্টৱেৰ আৰম্ভ কৰিলে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিজনেছ নৰ্থ ইষ্টক তেওঁ কয় যে, ২০২৩ চনৰ অক্টোবৰৰ পৰা তেওঁ এই কাম আৰম্ভ কৰে । যেনেকৈ আজিকালি মাটি-বাৰীৰ ৰেকৰ্ডৰ বাবে কিবা ফাইল কৰিলে ' বসুন্ধৰা ' চাৰ্ভিছত সকলো তথ্য সহজতে চাব পাৰি । ঠিক তেনেদৰে কিন্তু Legal ত সেইটো বস্তু সহজ হৈ থকা নাছিল । তেওঁলোকৰ বাবে এক অনলাইন প্লেটফৰ্মৰ আৱশ্যক আছিল । যাৰবাবে তেওঁলোকে এই ছফ্টৱেৰটো বনালে যাতে Legal ৰ সকলো তথ্য transparent হৈ যায় । ধীৰাজ হাজৰিকাই লগতে কয় যে জানুৱাৰী মাহত সকলো কাম হৈ যোৱাৰ পিছত তেওঁলোকে Assam Start Up ত আবেদন কৰিলে আৰু যোগ্যতা অনুসৰি বাছনি হ'ল ।

এই ছফ্টৱেৰটোক লৈ কি কি গৱেষণা কৰিছে বুলি সোধাত তেওঁ কয় যে, তেওঁলোকে Secondary Research কৰিছে । যিখিনি তথ্য অনলাইন মজুত আছে তাৰ ওপৰত তেওঁলোকে গৱেষণা কৰিছে ।

প্ৰথম যেতিয়া তেওঁলোকে ইয়াক আৰম্ভ কৰিছিল কেৱল মাত্ৰ অনলাইন Infrastructure টো প্ৰস্তুত কৰিবলৈ ৪০০০০ টকা ব্যয় হৈছিল বুলি তেওঁ মন্তব্য কৰে । যদিও লাখৰ ঘৰত ব্যয় হোৱাৰ থল আছিল কিন্তু ধীৰাজ হাজৰিকা নিজেই এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ আৰু প্ৰগ্ৰেমাৰ হোৱাৰ লগতে ক'ডাৰ হোৱাৰ বাবে খৰচৰ পৰিমাণ তুলনামূলকভাৱে বহু পৰিমাণে কমি গ'ল । 

ভৱিষ্যতে এই software ক লৈ আৰু কি পৰিকল্পনা আছে বুলি সোধাত তেওঁ কয়, তেওঁলোকৰ এতিয়া Legal practice Management প্ৰস্তুত কৰা হৈ হৈছে । অহা জুনলৈকে দুটা features মাৰ্কেটত উপলব্ধ হোৱাৰ পৰিকল্পনাৰ লগতে সম্ভৱনা আছে । ইয়াৰে এটা হ'ল EMI feature . যোনটো সমগ্ৰ দেশতে প্ৰথম উপলব্ধ হ'ব । মাৰ্কেটত এতিয়ালৈকে যাৰ option এই নাই । দ্বিতীয়টো হৈছে উকীলসমূহৰ বাবে এটা অনলাইন module প্ৰস্তুত কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে । 

কেৱল মাত্ৰ দুজন Coder লৈ উকীলসমূহৰ বাবে কাম কৰি থকা এইটো কোম্পানীৰ সঁচাই শলাগ ল'বই লাগিব ।

Darshana Borah