business-northeast-logo

মাদাৰ ডেইৰীয়ে ৭৫০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰিব ডেইৰী প্ৰকল্পৰ লগতে ফল-মূল আৰু শাক-পাচলি প্ৰক্ৰিয়াকৰণৰ প্লাণ্ট

BNE News Desk


Spread the love

গুৱাহাটী: গ্ৰাহকৰ চাহিদা বৃদ্ধিৰ মাজতে মাদাৰ ডেইৰীয়ে ৬৫০ কোটি টকা বিনিয়োগ কৰি গাখীৰৰ লগতে ফলমূল আৰু শাক-পাচলি প্ৰক্ৰিয়াকৰণৰ বাবে দুটা নতুন উদ্যোগ স্থাপন কৰিব। দিল্লী-এনচিআৰৰ আগশাৰীৰ গাখীৰ যোগানকাৰী প্ৰতিষ্ঠানটোৱে বৰ্তমানৰ উদ্যোগসমূহৰ ক্ষমতা বৃদ্ধিৰ বাবে আৰু ১০০ কোটি টকা বিনিয়োগ কৰিব।

মাদাৰ ডেইৰী ফ্ৰুটছে,  বিতৰণ সম্প্ৰসাৰণ আৰু  গ্ৰাহকৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টাত ৭৫০ কোটি টকাতকৈ অধিক মূলধনী ব্যয় নিৰ্ধাৰণ কৰিছে যাতে  দুগ্ধ আৰু এফ এণ্ড ভি (ফল-মূল আৰু শাক-পাচলি) প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধি পায়। মাদাৰ ডেইৰীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত এটা ডাঙৰ ডেইৰী প্লাণ্টৰ সৈতে আহি আছে ।
     

মাদাৰ ডেইৰীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত প্ৰায় ৫২৫ কোটি টকাৰ বিনিয়োগেৰে এটা বৃহৎ দুগ্ধ উদ্যোগৰ কথাও চিন্তা কৰি আহিছে বুলিও । গ্ৰীণফিল্ড প্লাণ্টটোত প্ৰতিদিনে ৬ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা থাকিব, যিটো প্ৰতিদিনে ১০ লাখ লিটাৰলৈকে সম্প্ৰসাৰণ কৰিব পৰা যাব।
   

গ্ৰীণফিল্ড প্লাণ্টটোত প্ৰতিদিনে ৬ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা থাকিব, যিটো প্ৰতিদিনে ১০ লাখ লিটাৰলৈকে সম্প্ৰসাৰণ কৰিব পৰা যাব। এই আগন্তুক উদ্যোগটোৱে মধ্য আৰু দক্ষিণ অঞ্চলৰ বজাৰসমূহক সেৱা আগবঢ়াব।
   

লগতে ছাফল ব্ৰেণ্ডৰ অধীনত ১২৫ কোটি টকাৰো অধিক বিনিয়োগেৰে কৰ্ণাটকত এটা নতুন ফল প্ৰক্ৰিয়াকৰণ প্লাণ্ট আৰম্ভ কৰাৰ পৰিকল্পনাও কৰিছে। এই উদ্যোগ দুটা প্ৰায় দুবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
     

এই নতুন গ্ৰীণফিল্ড প্লাণ্টৰ উপৰিও বৰ্তমানৰ সুবিধাসমূহতো প্ৰায় ১০০ কোটি টকা ব্যয়ৰে আমাৰ সামৰ্থ্য শক্তিশালী কৰা হৈছে। বৰ্তমান মাদাৰ ডেইৰীৰ  মুঠ গাখীৰৰ সৈতে দুগ্ধজাত সামগ্ৰীৰ বাবে ৯টা কোম্পানীৰ মালিকানাধীন প্ৰচেছিং প্লাণ্ট আছে ৫০ লাখ লিটাৰতকৈ অধিক প্ৰক্ৰিয়াকৰণ ক্ষমতা আছে প্ৰতিদিনে। ই তৃতীয় পক্ষৰ সুবিধাসমূহতো প্ৰক্ৰিয়াকৰণৰ কাম হাতত লৈছে।
দিল্লী-এনচিআৰত ইয়াৰ শ শ গাখীৰ বুথৰ লগতে ছাফল খুচুৰা বিপণীও আছে। মাদাৰ ডেইৰীয়ে দিল্লী-এনচিআৰত প্ৰতিদিনে ৩৫ লাখ লিটাৰতকৈ অধিক সতেজ গাখীৰ (পাউচ আৰু টোকেন মিল্ক) বিক্ৰী কৰে।

ALSO READ: Assam's get new skill centre aims for creation of hospitality sector jobs

BNE News Desk