business-northeast-logo

বিহাৰ, কেৰেলাৰ ৰেস্তোৰাঁ, কেফেত ব্যৱহাৰ অসমীয়া যুৱকৰ দ্বাৰা নিৰ্মিত 'Software

Darshana Borah


Spread the love

অসমৰ বিভিন্ন যুৱক যুৱতী নিজৰ প্ৰতিভাৰ দ্বাৰা দেশ বিদেশত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে । এইবাৰ অসমৰ যুৱকৰ দ্বাৰা নিৰ্মিত ষ্টাৰ্ট আপে উত্তৰ-পূৱৰ লগতে বাহিৰৰ ৰাজ্যতো সমাদৰ লাভ কৰিছে । বিজনেছ নৰ্থ ইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত Bharat POS নামৰ এটা ষ্টাৰ্ট আপৰ Co-founder মৃগাংক বৰুৱাই কয় যে, তেওঁলোকৰ এই ষ্টাৰ্ট আপটোৱে Billing Software Provide কৰে । 

কেৱল মাত্ৰ বিলিং ছফ্টৱেৰয়েই নহয় বিভিন্ন বিজনেছ মেনেজমেন্ট ছফ্টৱেৰও তেওঁলোকে যোগান ধৰে । তেওঁলোকৰ এই বিশেষ ছফ্টৱেৰ বিভিন্ন ৰেস্তোৰাঁ, কেফে, জিম, পাইকাৰী বজাৰটো প্ৰতিদিনেই ষ্টক মেনেজমেন্ট, বিক্ৰী, গ্ৰাহকৰ হিচাপৰ বাবে ব্যৱহাৰ কৰিব পাৰি । সকলো লোকেই সহজেই ব্যৱহাৰ কৰিব পৰা এইবিধ ছফ্টৱেৰৰ কাৰণে কোনো নতুন ছেট আপৰ প্ৰয়োজন নহয় আৰু ই অতি সুৰক্ষিত ।

উল্লেখযোগ্য যে, ২০২৩ চনত তেওঁলোক IIM Calcutta ৰ অধীনত NEDP প্ৰগ্ৰেমত নিৰ্বাচিত হৈছিল। তাৰপাছতেই IIM Calcutta ই তেওঁলোকলৈ সাহাৰ্য আগবঢ়াই আৰু প্ৰায় ৫০,০০০ ৰ পৰা ১ লাখ টকা বাজেটৰ ভিতৰত তেওঁলোকে এই ছফ্টৱেৰ আৰম্ভ কৰিলে বুলি মৃগাংক বৰুৱাই জানিবলৈ দিয়ে । বৰ্তমান উত্তৰ-পূবৰ পিছত ভাৰতৰ বিভিন্ন ৰাজ্যলৈ শিপাই গৈছে তেওঁলোকৰ এই স্তাৰ্ট আপ ।

আৰু লগতে বৰ্তমান তেওঁলোকে মাহিলী ৫০০০০ ৰ পৰা ৬০০০০ ৰ ভিতৰত ৰাজহ সংগ্ৰহ কৰিছে । মৃগাংক বৰুৱাই কয় যে আজিৰ যুৱ প্ৰজন্ম কৰ্ম সংস্থাপনৰ বাবে নিজেই আগবাঢ়ি আহিব লাগিব । তেতিয়াহে তেওঁলোক অৰ্থনৈতিক দিশত সফল হ'ব পাৰিব ।

ALSO READ: HDFC Bank and GMC collaborate on solid waste management project

Darshana Borah