business-northeast-logo

ভাৰতত এপলৰ  ডাঙৰ পৰিকল্পনা, কোম্পানীটোৱে চাকৰিৰ সুবিধা প্ৰদান কৰিব ৫ লাখ লোকক

BNE News Desk


Spread the love

ভাৰতত প্ৰায় ৫ গুণ বৃদ্ধি কৰিব বিচাৰিছে এপলে। ইমান বৃহৎ পৰিসৰত উৎপাদন কৰিবলৈ কোম্পানীটোৱে ইয়াৰ বিক্ৰেতা আৰু যোগানকাৰীৰ জৰিয়তে ভাৰতত এই চাকৰিসমূহ প্ৰদান কৰিব। বিশ্বৰ আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী এপলে ভাৰতৰ বাবে এক বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰিছে। এপলৰ এই পৰিকল্পনাই চাকৰি বিচৰা লোকসকলক যথেষ্ট সকাহ দিব। আইফোন নিৰ্মাতা কোম্পানীয়ে অহা ৩ বছৰত ভাৰতত প্ৰায় ৫ লাখ চাকৰিৰ সৃষ্টি কৰিব। এই চাকৰিসমূহ এপল ভেণ্ডৰৰ জৰিয়তে প্ৰদান কৰা হ’ব। বৰ্তমান এপলৰ বিক্ৰেতা আৰু যোগানকাৰীয়ে ভাৰতৰ ১.৫ লাখ লোকক চাকৰিৰ সুবিধা প্ৰদান কৰিছে।

চৰকাৰী এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনোৱা মতে, এপলে দেশত নিযুক্তিৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰি আছে। আমি বিশ্বাস কৰোঁ যে আগন্তুক তিনি বছৰত এপলে প্ৰায় ৫ লাখ লোকক চাকৰিৰ সুবিধা প্ৰদান কৰিব। এপলৰ বাবে দুটা প্লাণ্ট চলাই থকা টাটা ইলেক্ট্ৰনিকছে বৰ্তমান সৰ্বাধিক চাকৰিৰ সৃষ্টি কৰিছে। বৰ্তমান এপলে চাকৰিৰ পৰিসংখ্যা সন্দৰ্ভত একো ক’বলৈ অস্বীকাৰ কৰিছে।

অৱশ্যে এপলে ভাৰতত প্ৰায় ৫গুণ উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে অহা ৫ বছৰত ভাৰতত উৎপাদন প্ৰায় ৪০ বিলিয়ন ডলাৰ (৩.৩২ লাখ কোটি টকা)লৈ বৃদ্ধি কৰিব বিচাৰিছে। চৰকাৰী এজন জ্যেষ্ঠ বিষয়াই কয় যে ইমান বৃহৎ পৰিসৰত উৎপাদন কৰিবলৈ এপলে বহু চাকৰিৰ সৃষ্টি কৰিব লাগিব। Covid 19 মহামাৰীৰ সময়ত এপলে চীনত উৎপাদন ঘাটি থকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত কোম্পানীটোৱে ভাৰতৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিলে।

বজাৰ গৱেষণা সংস্থা কাউণ্টাৰপইণ্টে জনাইছে যে ২০২৩ চনত ভাৰতৰ পৰা এপলে সৰ্বাধিক ৰাজহ লাভ কৰিব। অৱশ্যে বিক্ৰীৰ ক্ষেত্ৰত চেমচাঙে জয়লাভ কৰিছে। এপলে ভাৰতৰ পৰা প্ৰায় ১ কোটি ফোন ৰপ্তানি কৰিছে। লগতে প্ৰথমবাৰৰ বাবে ৰাজহৰ ক্ষেত্ৰত দেশৰ এক নম্বৰ কোম্পানী হিচাপে পৰিগণিত হৈছে। ২০২৩-২৪ বৰ্ষত আইফোন ৰপ্তানিৰ জৰিয়তে ভাৰতৰ পৰা এপলে ১২.১ বিলিয়ন ডলাৰ লাভ কৰিছে। ২০২২-২৩ চনত এই সংখ্যা আছিল ৬.২৭ বিলিয়ন ডলাৰ। এয়া প্ৰায় ১০০ শতাংশ জঁপিয়াই পৰা।

ALSO READ: আদানীৰ কোম্পানীয়ে ৮০০০ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিব, এই বেংকসমূহৰ সৈতে আলোচনা চূড়ান্ত

BNE News Desk