ভাৰতৰ অৰ্থনৈতিক ইতিহাসত কেন্দ্ৰীয় বাজেটৰ গুৰুত্বপূৰ্ণ স্থান আছে। ই কেৱল চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ নহয়, দেশৰ উন্নয়নৰ বাবেও এক ৰোডমেপ। সাধাৰণতে বাজেট বিত্তমন্ত্ৰীয়ে দাখিল কৰে, কিন্তু ইতিহাসত এনেকুৱা এটা অনুষ্ঠান আহিছে যেতিয়া প্ৰধানমন্ত্ৰীয়ে এই দায়িত্ব পালন কৰিছিল। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব লৈ বাজেট দাখিল কৰা প্ৰধানমন্ত্ৰী।
বাজেট দাখিল কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। এই সময়ছোৱা আছিল ১৯৫৮-৫৯ চনৰ, তেতিয়াৰ বিত্তমন্ত্ৰী টি.টি. মুদ্ৰা কেলেংকাৰিৰ বাবে কৃষ্ণমাচাৰীয়ে পদত্যাগ কৰিছিল। সেই সময়ত বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰি নেহৰুৱে বাজেট দাখিল কৰিছিল। এই পদক্ষেপে নেহৰুৰ প্ৰশাসনিক ক্ষমতা প্ৰদৰ্শন কৰিছিল আৰু অৰ্থনৈতিক নীতিৰ প্ৰতি তেওঁৰ গভীৰ বুজাবুজিৰ ওপৰত আলোকপাত কৰিছিল।
১৯৬৯ চনত তেতিয়াৰ বিত্তমন্ত্ৰী মোৰাৰজী দেশাইৰ পদত্যাগৰ পিছত ইন্দিৰা গান্ধীয়ে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব লয়। ১৯৭০ চনত বাজেট দাখিল কৰি দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হয়। বাজেট ভাষণত তেওঁ চিগাৰেটৰ ওপৰত কৰ বৃদ্ধিৰ কথা কয় আৰু লগতে চিগাৰেট খোৱা লোকসকলৰ ওচৰতো ক্ষমা বিচাৰিলে। এবছৰ বিত্ত মন্ত্ৰালয় চম্ভালি লোৱাৰ পিছত তেওঁ এই চাৰ্জ যশৱন্তৰাও চাভানৰ হাতত অৰ্পণ কৰে।
ALSO READ: ইঞ্জিনিয়াৰিঙৰ পৰা কোটি টকীয়া যাত্ৰা ZERUND ৰ
১৯৮৭ চনত ৰাজীৱ গান্ধীয়ে বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব লয়। ভি.পি. সিঙক বিত্তমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত নিজেই এই দায়িত্ব লৈছিল ৰাজীৱে। সেই সময়ত বাজেট দাখিল কৰাৰ সময়ত তেওঁ অৰ্থনৈতিক সংস্কাৰ আৰু জনসাধাৰণৰ আশাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল। এই তিনিজন প্ৰধানমন্ত্ৰীয়ে বাজেট দাখিল কৰাটো ভাৰতৰ ৰাজনীতিত এক সুকীয়া বিকাশ আছিল।