গুৱাহাটী: গুৱাহাটী মহানগৰীৰ লতাশিলস্থিত থলুৱা খাদ্য-সামগ্ৰীৰ বিপনী ‘থলগিৰি‘। থলগিৰিৰ প্ৰতিষ্ঠাপক, ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈৰ সৈতে হোৱা বিজনেছ নৰ্থ ইষ্টৰ এক সাক্ষাৎকাৰত তেওঁ কয় যে নৱ প্ৰজন্ম আগবাঢ়ি যাবলৈ অৰ্থনৈতিকভাৱে সবল হোৱা অতিকৈ প্ৰয়োজন।
থলগিৰিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে ১০ টাকৈ পৰিয়ালে। কভিড মহামাৰীৰ পূৰ্বে এই সংখ্যা আছিল ১৪।
গাৱঁৰ কৃষকসকলক সহায় কৰিবৰ বাবে, ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগী সকলক সহায় কৰি পূৰ্ব পৰিকল্পিত এখন ভাল বজাৰ গঢ়ি তুলিবৰ বাবেই ২০১৮ চনৰ ১৪ ডিচেম্বৰত থলগিৰি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল বুলি মনোৰম গগৈয়ে মন্তব্য কৰে্।
তেওঁ লগতে কয় যে অসমৰ থলুৱা সম্পদৰাজিৰ যিধৰণে প্ৰচাৰ-প্ৰসাৰ আৰু যিধৰণে এখন বজাৰ পাব লাগিছিল সেইধৰণে হোৱা নাই। আমাৰ গ্ৰাম্য ভিত্তিক পদ্ধতিটোৱে এক শক্তিশালী কৃষিভিত্তিক আন্দোলন গঢ়াৰ সকলোখিনি উপাদান দিছে। কিন্তু আমি তাৰ সদ্ ব্যৱহাৰ কৰিব পৰা নাই।
থলগিৰি আৰম্ভ কৰাৰ ইও এক কাৰণ বুলি তেওঁ মন্তব্য কৰে। চাওঁ আহক বিজনেছ নৰ্থ ইষ্টৰ এই বিশেষ প্ৰতিবেদন।
ALSO READ: 200 ‘green buses’ likely to be launched in Guwahati next month