business-northeast-logo

Goalpara Book Fair Surpasses Rs 40,000 Sales in First Day: Asst Secy Prabodh Das

Darshana Borah


Spread the love


গুৱাহাটী: গুৱাহাটীৰ পিছত এইবাৰ গোৱালপাৰাত অসম গ্ৰন্থমেলা। ২০২৩-২৪ বৰ্ষৰ শেষৰখন গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ।

যোৱা ১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্টিত হৈ থকা গ্ৰন্থমেলাত প্ৰথম দিনাই বিক্ৰী হৈছে ৪০,০০০ টকাৰ কিতাপ । সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহ: সাধাৰণ সম্পাদক প্ৰবোধ দাসে বিজনেছ নৰ্থইষ্টৰ আগত কয় যে ২০২৩-২৪ বর্ষত মুঠ ৭ খন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ।

এই গ্ৰন্থমেলাত মুঠ ৪০ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে । ইয়াৰে ৬ টা প্ৰতিষ্ঠান কলিকতাৰ । ২০২৪ বৰ্ষত ২০০ খন গ্ৰন্থ প্ৰকাশ পাইছে বুলিও দাসে জানিবলৈ দিয়ে । গোৱালপাৰা গ্ৰন্থমেলাত সাহিত্যৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে ২৬ জানুৱাৰী দিনটো শিশুৰ দিন হিচাপে পালন কৰা হ'ব ।

ইয়াৰ উপৰিও গ্ৰন্থমেলাৰ প্ৰতিটো দিনতেই সন্ধ্যা ৫ বজাৰ পৰা গোৱালপাৰাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ দ্বাৰা পৰিবেশিত বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আছে । ইয়াৰ উপৰিও দ্বিতীয় দিনা গোৱালপৰীয়া লোক ভাষাৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। য'ত উপস্থিত থাকি অনুষ্ঠানটিৰ আঁত ধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড: উপেন ৰাভা হাকাচাম ডাঙৰীয়াই।

ALSO READ: In Shillong, Amit Shah explains what Modi govt did for Northeast economy

Darshana Borah