ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ চাহিদা। বিগত কিছুদিনত ইয়াৰ দাম আকাশত উপনীত হোৱাৰ পিছত এতিয়া ইয়াত এক বৃহৎ হ্ৰাস দেখা গৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস পোৱাৰ পিছত বিনিয়োগৰ ক্ষেত্ৰত আটাইতকৈ নিৰাপদ বুলি বিবেচিত সোণৰ প্ৰচণ্ড অৱনতি ঘটিছে। এমচিএক্স গোল্ড ফিউচাৰ্ছৰ মূল্য হ্ৰাস পাইছে প্ৰতি ১০ গ্ৰামত ৯২,৯৭৫ টকা। ২২ এপ্ৰিলৰ পিছত এইটোৱেই আটাইতকৈ ডাঙৰ হ্ৰাস, যেতিয়া প্ৰতি ১০ গ্ৰামত ৯৯,৩৫৮ টকা আছিল। কিন্তু ৰূপৰ দাম এক শতাংশ বৃদ্ধি পোৱাৰ লগে লগে পুৱা ১০ বজাৰ ওচৰত ৯৪৩ টকা বৃদ্ধিৰে প্ৰতি কেজি ৯৬,২৮৭ টকাত বিক্ৰী হৈছে।
ইয়াৰ এদিন পূৰ্বে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছিল। গোল্ড জুন ফিউচাৰ্ছ ৩.৭৫ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৯২,৯০১ টকা হয়। আনহাতে ছিলভাৰ জুলাই ফিউচাৰ্ছৰ মূল্য ১.৪৩ শতাংশ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৯৫,৩৪৪ টকা।
ইণ্ডিয়ান বুলিয়ন এছ’চিয়েশ্যনৰ তথ্য অনুসৰি পুৱা ৭.৩১ বজাত ভাৰতত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,২২০ টকালৈ বৃদ্ধি পায়। ইণ্ডিয়ান বুলিয়নৰ তথ্য অনুসৰি দিল্লীত প্ৰতি দহ গ্ৰামত ৯২,৮৯০ টকাৰ হাৰত সোণ বিক্ৰী কৰা হৈছে। আনহাতে মুম্বাইত ইয়াৰ ব্যৱসায় হৈছে ৯৩,০৫০ হাৰত।
এইদৰে যদি আমি মুম্বাইৰ কথা কওঁ, ইয়াত সোণ বিক্ৰী হৈছে ৯৩,০৫০ টকা, আনহাতে বেংগালুৰুত ৯৩,১২০ টকা আৰু চেন্নাইত সৰ্বাধিক ৯৩,৩২০ টকা প্ৰতি দহ গ্ৰামত বিক্ৰী হৈছে। মন কৰিবলগীয়া যে এম চি এক্সত এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৭০০০ টকা অতিক্ৰম কৰিলে। ইয়াত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ডৰ মূল্য প্ৰতি আউন্সত ৩,২৩৫.৩৭ ডলাৰ হৈছিল, আনহাতে আমেৰিকাৰ সোণৰ ফিউচাৰৰ মূল্য প্ৰতি আউন্সত ৩,২৪৩.৫০ ডলাৰত বিক্ৰী হৈছিল, যিটো ০.৫ শতাংশ বৃদ্ধি পাইছে।
ALSO READ: আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য যুদ্ধত ৯০ দিনৰ বিৰতি, আমেৰিকাই ১১৫ শতাংশ শুল্ক কৰ্তন
আমেৰিকা আৰু চীনৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ পাছত এতিয়া বেইজিঙৰ পৰা আমদানি কৰা সামগ্ৰীৰ শুল্ক ১৪৫ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰিছে আগন্তুক ৯০ দিনৰ বাবে। আনহাতে চীনে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক ১২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰিছে।
ইণ্ডিয়ান বুলিয়ন এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বিগত কিছুদিনত ১ লাখ টকা অতিক্ৰম কৰাৰ পিছত আজি অৰ্থাৎ মঙলবাৰে প্ৰতি কেজিত ৯৫,৪১০ টকাৰ হাৰত সোণ বিক্ৰী কৰা হৈছে। উদ্যোগটোৰ পৰা প্ৰচণ্ড চাহিদা আৰু নবীকৰণযোগ্য শক্তি প্ৰযুক্তি আৰু অন্যান্য ইলেক্ট্ৰনিকছত ইয়াৰ ব্যৱহাৰৰ বাবে ইয়াৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ এদিন পূৰ্বে ১২ মে’ সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২৪ কেৰেট সোণ ৯,৮৮২ টকা আৰু ২২ কেৰেট সোণ ৯,০৫৯ টকা হাৰত বিক্ৰী হৈছিল।