business-northeast-logo

ভাৰতীয় যাত্ৰীয়ে গোচৰত জয়লাভ কৰে,  গ্ল‘বেল এয়াৰলাইনে দিব লাগিব বহু লাখ টকাৰ ক্ষতিপূৰণ

BNE News Desk


Spread the love

বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানী ছিংগাপুৰ এয়াৰলাইন্স আৰু এজন ভাৰতীয় যাত্ৰীৰ মাজত হোৱা বিবাদত এতিয়া কোম্পানীটোৱে লাখ লাখ টকা দিব লাগিব। সংশ্লিষ্ট ভাৰতীয় যাত্ৰীজনক ক্ষতিপূৰণ দিবলৈ আদালতে নিৰ্দেশ দিছে কোম্পানীটোক।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি এই গোচৰটো ভাৰতীয় ভ্ৰমণকাৰী ৰবি গুপ্তা আৰু তেওঁৰ পত্নী অঞ্জলিৰ সৈতে জড়িত। তেলেংগানাৰ ডিজিপি ৰবি গুপ্তা। যোৱা বছৰ তেওঁ পত্নীৰ সৈতে অষ্ট্ৰেলিয়ালৈ গৈছিল। তাৰ বাবে তেওঁ ছিংগাপুৰ এয়াৰলাইন্সত বিজনেছ ক্লাছৰ আসন বুকিং কৰিছিল। বিজনেছ ক্লাছত দিয়া আসনত এটা দোষ থকাৰ বাবে তেওঁৰ যাত্ৰা সুকলমে নহ’ল।

গুপ্তাই কোম্পানীটোৰ বিৰুদ্ধে বেয়া আসনৰ ফলত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। তেওঁৰ অভিযোগ আছিল যে স্বয়ংক্ৰিয়ভাৱে হেলান দিয়া আসনখনে সঠিকভাৱে কাম কৰা নাছিল। তেওঁ হাতেৰে হেলান দিবলগীয়া হৈছিল। ইয়াৰ বাবে ৫ ঘণ্টীয়া বিমান যাত্ৰাৰ সময়ত তেওঁ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যাত্ৰাকালত তেওঁ মানসিক আৰু শাৰীৰিক সমস্যাৰ সন্মুখীন হৈছিল।

গুপ্তা আৰু তেওঁৰ পত্নীয়ে সেই অষ্ট্ৰেলিয়া ভ্ৰমণৰ টিকটৰ বাবে প্ৰায় ৮০০ ডলাৰকৈ খৰচ কৰিছিল। অৰ্থাৎ টিকটৰ বাবে প্ৰায় ৭০ হাজাৰ টকা খৰচ কৰিব লগা হৈছিল। আদালতে কোম্পানীটোক ২০০০ ডলাৰ ক্ষতিপূৰণ দিবলৈ কয়। অৰ্থাৎ ভাৰতীয় দম্পতীয়ে যাত্ৰাৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ বাবে বিমান কোম্পানীটোৰ পৰা প্ৰায় দুই লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব।

ছিংগাপুৰ এয়াৰলাইন্সে এই কথা নিশ্চিত কৰিছে। কোম্পানীটোৱে জনোৱা মতে, হায়দৰাবাদৰ পৰা অষ্ট্ৰেলিয়ালৈ যোৱা বিমানখন ছিংগাপুৰত ষ্টপ অভাৰ আছিল। স্বয়ংক্ৰিয়ভাৱে হেলান দিয়া আসনবোৰে সঠিকভাৱে কাম নকৰাৰ বাবে যাত্ৰীসকলে ছিংগাপুৰলৈ যাত্ৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যিহেতু বিমানখন সম্পূৰ্ণ ভৰ্তি আছিল, গতিকে অন্য আসনত যাত্ৰীসকলক এডজাষ্ট কৰিব পৰা নাছিল। অৱশ্যে গোটেই যাত্ৰাটোত যাত্ৰীজনক আসনখন সামঞ্জস্য কৰাত সহায় কৰিছিল ক্ৰু সদস্যসকলে।

ALSO READ: ইণ্ডিগ‘ৰ শ্বেয়াৰ সৰ্বকালৰ উচ্চতম স্তৰলৈ উন্নীত, কোটাকে ষ্টক ক্ৰয় কৰাৰ পৰামৰ্শ দিয়ে

BNE News Desk