business-northeast-logo

১৮ মাৰ্চত পুনৰ ঘোষণা কৰা হৈছে পেট্ৰল-ডিজেলৰ মূল্য

BNE News Desk


Spread the love

নতুন দিল্লী: ১৮ মাৰ্চ সোমবাৰে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ‘ল-ডিজেলৰ শেহতীয়া মূল্য প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোমবাৰে পুৱা প্ৰায় ৬ বজাত ডব্লিউ টি আই খাৰুৱা তেলৰ বিক্ৰী প্ৰতি বেৰেলত ৮১.০৩ ডলাৰত ০.০১% হ্ৰাস পাইছে। একে সময়তে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ০.০৬% হ্ৰাস পাই প্ৰতি বেৰেলত ৮৫.২৯ ডলাৰত ব্যৱসায় কৰা হৈছে। উল্লেখযোগ্য যে ১৫ মাৰ্চৰ পৰা তেল কোম্পানীয়ে পেট্ৰ‘ল-ডিজেলৰ মূল্য ২ টকাকৈ হ্ৰাস কৰিছে। একে সময়তে লাক্ষাদ্বীপত পেট্ৰ‘ল-ডিজেলৰ মূল্য ১৫ টকাকৈ কমিছে। ভাৰতত প্ৰতিদিনে পুৱা ৬ বজাত শেহতীয়া ইন্ধনৰ হাৰ মুকলি কৰা হয়, গতিকে পেট্ৰল-ডিজেলৰ দাম প্ৰতিদিনেই পৰিৱৰ্তন হৈছে ।

ভাৰতত পেট্ৰ‘ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ মালবাহী চাৰ্জ, মূল্য সংযোজিত কৰ (ভেট), আৰু স্থানীয় কৰ আদি প্ৰভাৱৰ অধীনত থাকে, যাৰ ফলত ৰাজ্যজুৰি হাৰ বিভিন্ন পোৱা যায়।

সোমবাৰৰ দিনটোত পেট্ৰল ডিজেলৰ মূল্যৰ হাৰ সলনি হৈছে এনেধৰণে-

নয়ডাঃ প্ৰতি লিটাৰ পেট্ৰ‘লত ৯৪.৮৩ টকা আৰু ডিজেলৰ মূল্য ৮৭.৯৬ টকা।

গুৰুগ্ৰামঃ  পেট্ৰ‘ল প্ৰতি লিটাৰত ৯৫.১৯ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৮৮.০৫ টকা।

বেংগালুৰুঃ  প্ৰতি লিটাৰ পেট্ৰ‘লত ৯৯.৮৪ টকা আৰু ডিজেলৰ মূল্য ৮৫.৯৩ টকা।

চণ্ডীগড়ঃ  প্ৰতি লিটাৰ পেট্ৰ‘লত ৯৪.২৪ টকা আৰু ডিজেলৰ মূল্য ৮২.৪০ টকা।

হায়দৰাবাদঃ  প্ৰতি লিটাৰ পেট্ৰ‘লত ১০৭.৪১ টকা আৰু ডিজেলৰ মূল্য ৯৫.৬৫ টকা।

জয়পুৰঃ পেট্ৰ‘লত ১০৪.৮৮ টকা আৰু ডিজেলৰ মূল্য ৯০.৩৬ টকা।

ALSO READ: মাদাৰ ডেইৰীয়ে ৭৫০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰিব ডেইৰী প্ৰকল্পৰ লগতে ফল-মূল আৰু শাক-পাচলি প্ৰক্ৰিয়াকৰণৰ প্লাণ্ট

BNE News Desk