business-northeast-logo

পূৰ্বতকৈ অধিক আয় বৃদ্ধিৰ লক্ষ্যৰে গোৱালপাৰাত ২০২৩-২৪ বৰ্ষৰ শেষৰখন অসম গ্ৰন্থমেলা

Darshana Borah


Spread the love

গুৱাহাটী: এতিয়া গ্ৰন্থৰ বতৰ। গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে এই সময়চোৱা একপ্ৰকাৰৰ উৎসৱৰ বতৰ ।

গুৱাহাটীৰ পিছত এইবাৰ গোৱালপাৰাত অসম গ্ৰন্থমেলা। ২০২৩-২৪ বৰ্ষৰ শেষৰখন গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত । যোৱা ১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্টিত হৈ থকা গ্ৰন্থমেলাত প্ৰথম দিনাই বিক্ৰী হৈছে ৪০,০০০ টকাৰ কিতাপ । সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহ: সাধাৰণ সম্পাদক প্ৰবোধ দাসে বিজনেছ নৰ্থইষ্টৰ আগত কয় যে ২০২৩-২৪ বর্ষত মুঠ ৭ খন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ।

এই গ্ৰন্থমেলাত মুঠ ৪০ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে । ইয়াৰে ৬ টা প্ৰতিষ্ঠান কলিকতাৰ । ২০২৪ বৰ্ষত ২০০ খন গ্ৰন্থ প্ৰকাশ পাইছে বুলিও দাসে জানিবলৈ দিয়ে । গোৱালপাৰা গ্ৰন্থমেলাত সাহিত্যৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে ২৬ জানুৱাৰী দিনটো শিশুৰ দিন হিচাপে পালন কৰা হ'ব ।

ইয়াৰ উপৰিও গ্ৰন্থমেলাৰ প্ৰতিটো দিনতেই সন্ধ্যা ৫ বজাৰ পৰা গোৱালপাৰাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ দ্বাৰা পৰিবেশিত বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আছে । ইয়াৰ উপৰিও দ্বিতীয় দিনা গোৱালপৰীয়া লোক ভাষাৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। য'ত উপস্থিত থাকি অনুষ্ঠানটিৰ আঁত ধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড: উপেন ৰাভা হাকাচাম ডাঙৰীয়াই। বৰ্ণ, বনলতা, জ্যোতি প্ৰকাশন, আঁক-বাঁককে ধৰি বহু কেইটা প্ৰকাশনৰ কিতাপ উপলব্ধ হৈছে ।

প্ৰায় ৪০-৫০ লাখৰ কিতাপ এইবাৰ আহিছে বুলিও প্ৰকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা গ্ৰন্থ মেলাৰ বিক্ৰীৰ দৰেই গোৱালপাৰাটো গ্ৰন্থ বিক্ৰী হ'ব বুলি আশা কৰিছে অসম প্ৰকাশন পৰিষদে ।।

ALSO READ: Founder of India's first 100% electric and open mobility platform shares insights about his business model

Darshana Borah